
ডিজিটেল ডেস্কঃ কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ৰেগিং ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আন দুগৰাকী ছাত্ৰক। ছাত্ৰ দুজন হ'ল বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ দীপশেখৰ দত্ত আৰু সমাজবিজ্ঞান বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ মনতোষ ঘোষক। এই ঘটনাৰে জড়িত মূল অভিযুক্ত হিচাপে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সৌৰভ চৌধুৰীক।
অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়খনৰ আৱাসগৃহত অবৈধভাৱে আছিল সৌৰভ। এই সন্দৰ্ভত শনিবাৰে তেওঁক ২২ আগষ্ট পৰ্যন্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। সৌৰভ চৌধুৰীয়ে বিশ্ববিদ্যালয়খনৰ পৰা ২০২২ চনতেই সামৰিছিল গণিত বিভাগত এমএছচি পাঠ্যক্ৰম। তাৰ পিছতো চলিত বছৰতো অবৈধভাবে আৱাসগৃহত আছিল ছাত্ৰজন।
উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ ১৮ বছৰীয়া এজন ছাত্ৰক ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন চলাইছিল আৱাসগৃহৰ একাংশ ছাত্ৰই। ভুক্তভোগী ছাত্ৰজন আছিল বঙালী (সন্মান) বিষয়ত অধ্য়য়নৰত প্ৰথম বৰ্ষৰ স্নাতক শিক্ষাৰ্থী স্বপ্নাদীপ কুণ্ডু। সামাজিক মাধ্যমত ভাইৰেল হোৱা প'ষ্টে স্পষ্ট ইংগিত দিয়ে যে ছাত্ৰজন জ্যেষ্ঠ ছাত্ৰৰ যৌন নিৰ্যাতনৰ বলি হৈছিল।
এই ঘটনাৰ পাছতেই ছাত্ৰজনে ৯ আগষ্টৰ নিশা প্ৰায় ১১:৪৫ বজাত বিশ্ববিদ্যালয়ৰ মুখ্য ছাত্ৰাবাস ভৱনৰ পৰা জাপ দিয়ে। ছাত্ৰজনক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও বৃহস্পতিবাৰে পুৱা ৪:৩০ বজাত মৃত্যুক আঁকোৱালি লয়।