/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a9fd01cc-9399-43eb-aad3-1ebaaaa9e81b/562.jpg)
ডিজিটেল ডেস্ক : ডাঙৰ শৃংখলাৰ বাবে লাগে অভিজ্ঞ খেলুৱৈ। সেয়ে চেতেশ্বৰ পূজাৰা আৰু আজিংক্যা ৰাহানেৰে অভাৱ অনুভৱ কৰিলে টীম ইণ্ডিয়াই। ইনিংছ ব্যৱধানত পৰাস্ত হোৱাটো যিকোনো দলৰ বাবে লজ্জাৰ কাৰণ। কাৰ্যতঃ ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ ক্ষেত্ৰত সেয়াই হ'ল।
দক্ষিণ আফ্ৰিকাৰ ভূমিত ভাৰতে খেলি আছে টেষ্ট শৃংখলা। বৰদিনৰ পিছদিনা অৰ্থাৎ ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ভাৰত-দঃ আফ্ৰিকাৰে শৃংখলাৰ প্ৰথমখন টেষ্ট। কিন্তু ভাৰতীয় দলৰ টপ অৰ্ডাৰৰ ব্যৰ্থতাৰ বাবেই ৫দিনীয়া মেচ তিনিদিনতে যৱনিকা পৰিল। কাৰ্যতঃ বক্সিং ডে' টেষ্ট সুখখৰ নহ'ল টীম ইণ্ডিয়াৰ। মেচৰ তৃতীয় দিনা এক ইনিংছ ৩২ ৰানৰ ব্যৱধানত নিৰ্লজ্জ আত্মসমৰ্পণ ৰোহিতবাহিনীৰ।
উল্লেখ্য যে প্ৰথম ইনিংছত কে এল ৰাহুলে শতৰাণ কৰি এক সন্তোষজনক স্থিতিত উপনীত কৰাইছিল। কিন্তু দক্ষিণ আফ্ৰিকাৰ দৰে দলৰ বাবে সেয়া আফুগুটিসদৃশ। প্ৰথম ইনিংছত ভাৰতে ২৪৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ঘৰুৱা দল দঃ আফ্ৰিকাই ৰানৰ পাহাৰ গঢ়ি তোলে। এলগাৰৰ শতক ১৮৫ আৰু মৰ্কো জনচেনৰ অপৰাজিত ৮৪ ৰানৰ সহায়ত ঘৰুৱা দলটোৱে ৪০৮ ৰান সংগ্ৰহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/054cea1a-8751-4ddd-add5-a55aacefba12/229422_pujara_afp.avif)
প্ৰত্যুত্তৰত মেচৰ তৃতীয় দিনা ভাৰতে আৰম্ভ কৰে দ্বিতীয় ইনিংছ। প্ৰথম ইনিংছত শতৰান কৰা ৰাহুলে দ্বিতীয় ইনিংছত মাত্ৰ ৪ৰান কৰিয়েই বিদায় মাগে। অৱশ্যে বিৰাট কোহলিয়ে ৭৬ ৰান সংগ্ৰহ কৰে যদিও সেয়া সান্তনাহে। দলক জয়ী কৰোৱাৰ বাবে পৰ্যাপ্ত নহয় এই ৰান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7bcbf1b0-ae0c-4684-822a-acfb145aa58c/AjinkyaRahane.png)
মূলতঃ টপ অৰ্ডাৰৰ বেটিং ব্যৰ্থতাৰ বাবেই বিপৰ্যৰ সন্মুখীন হ'ব লগা হয় আলহী দল ভাৰত। জয়ছোৱাল, ৰোহিত আৰু আয়াৰৰ দৰে বেটাৰে দহকৰ ঘৰেই স্পৰ্শ কৰিব নোৱাৰিলে। অৱশ্যে এই মেচখনৰ ক্ষেত্ৰত আয়াৰ, জয়ছোৱাল,গীল একেবাৰে অনভিজ্ঞ। হয়তো টপ অৰ্ডাৰত প্ৰয়োজন আছিল পূজাৰা আৰু ৰাহানেৰ !
Also Read: অসম ৰাইফলছৰ অভিযানত উদ্ধাৰ অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী