/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/63fc23e4-7c1b-4216-b009-5de8d21894ce/561.jpg)
ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান আজিও অব্যাহত আছে। ইম্ফল পূব,থৌবাল আৰু চুৰাচান্দপুৰ জিলাৰ বিভিন্ন এলেকাত অভিযান চলাই অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fe5fca8f-ad73-4fa0-9450-8de076df8338/c4aa0a11_5ff4_457c_97ea_4c3569e50552.jpg)
বৃহস্পতিবাৰে চলোৱা অভিযানৰ সময়ত পূৱ ইম্ফল জিলাৰ পাংডংবাম এলেকাৰ পৰা ৪ ৰাউণ্ড সক্ৰিয় গুলিভৰ্তি মেগজিনসহ ১টা এম১৬ ৰাইফল, খালী মেগজিনসহ ১টা এম২১ স্নাইপাৰ ৰাইফল আৰু ৩টা গ্ৰেণেডসহ অন্যান্য বিস্ফোৰক সামগ্ৰী জব্দ কৰা হয়। আনহাতে, চুৰাচান্দপুৰ জিলাৰ এল কানান গাঁৱত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ২টা ৯এমএম পিষ্টল, ৪ টা সক্ৰিয় গুলিভৰ্তি ৯এমএম পিষ্টলৰ ২ টা মেগজিনসহ আৰু ভালেসংখ্যক গুলি জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7aa938cf-2347-4889-ab63-d2e35263bf9c/fd77cc13_2b85_424a_ba9c_4646c699eb51.jpg)
সেইদৰে থৌবাল জিলাৰ পৰা ১টা দেশীয় AK 47 ,১টা পিষ্টল,৩ টা গ্ৰেণেডসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।
Also Read: ৰাম মন্দিৰ : ৩টা প্ৰতিমূৰ্তিৰ ভিতৰত চূড়ান্ত হ'ব ৰামৰ প্ৰতিমূৰ্তি