ডাবলিনৰ সেউজ পৰিৱেশত ভাৰত-আয়াৰলেণ্ডৰ টি-২০ মেচ

বুমৰাহে ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব। অৱশ্যে অভিজ্ঞ সঞ্জু ছেমছনৰ উপস্থিতিত বুমৰাহৰ হাতত অধিনায়কৰ দায়িত্ব প্ৰদান কৰাকলৈ একাংশৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

author-image
Asomiya Pratidin
New Update
ডাবলিনৰ সেউজ পৰিৱেশত ভাৰত-আয়াৰলেণ্ডৰ টি-২০ মেচ

ডিজিটেল ডেস্ক : ভাৰত-আয়াৰলেণ্ড শৃংখলাত জ্যেষ্ঠ খেলুৱৈক বিশ্ৰাম দি উদীয়মান খেলুৱৈক সুযোগ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে। ৰোহিত,বিৰাট,ৰাহুল,পাণ্ডিয়া আদিৰ দৰে তাৰকা ক্ৰিকেটাৰ অবিহনে দ্বিতীয় শাৰীৰ খেলুৱৈ লৈ আয়াৰলেণ্ডলৈ উৰা মাৰিছে ভাৰতীয় ক্ৰিকেট দল।

এই শৃংখলাতে আঘাতৰ বাবে দীৰ্ঘদিন খেলপথাৰৰ বাহিৰত থকা জছপ্ৰীত বুমাৰাহ অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব। কিয়নো ৰোহিত-পাণ্ডিয়াৰ অনুপস্থিতিত বুমৰাহে ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব।

অৱশ্যে অভিজ্ঞ সঞ্জু ছেমছনৰ উপস্থিতিত বুমৰাহৰ হাতত অধিনায়কৰ দায়িত্ব প্ৰদান কৰাকলৈ একাংশৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব তিনিখনীয়া টি-২০ শৃংখলাৰ যাত্ৰা।

ডাবলিনৰ সেউজ পৰিৱেশত শুকুৰবাৰে ভাৰত-আয়াৰলেণ্ডৰ মাজত শৃংখলাৰ প্ৰথমখন টি-২০ আন্তঃৰ্জাতিক মেচ অনুষ্ঠিত হ'ব। এই শৃংখলাত দেখা পোৱা যাব পাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিস্ফোৰক বেটছমেন ৰিংকু সিঙক।জাগীৰোডৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা

Also Read: জাগীৰোডৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা

india bcci Malahide Cricket Club Cricket Ireland