৫৯ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত বাংলাদেশৰ মহিলা ক্ৰিকেট দল...

শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে

author-image
Asomiya Pratidin
New Update
৫৯ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত বাংলাদেশৰ মহিলা ক্ৰিকেট দল...

india vs bangladesh

ডিজিটেল ডেস্ক : মহিলা এছিয়া কাপ ক্ৰিকেটত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পাছত শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বাংলাদেশক ৫৯ ৰাণত পৰাস্ত কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে।

উল্লেখ্য যে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ৫টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইফালে ১৬০ ৰাণৰ লক্ষ্য আগত ৰাখি বাংলাদেশৰ মহিলা ক্ৰিকেট দলে গ্ৰাউণ্ডত নামে। কিন্তু মাত্ৰ ৭টা উইকেটৰ বিনিময়ত ১০০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশৰ মহিলা ক্ৰিকেট দলটোৱে।

cricket bangladesh india