/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/dda9ebb4-38e2-4a03-8f32-06038dddffb5/171.jpg)
ডিজিটেল সংবাদ,কামপুৰ : দৃষ্টিহীন ভাৰতীয় মহিলা ক্ৰিকেট দলত প্ৰতিনিধিত্ব কৰা নগাঁৱৰ কন্যা চিমু দাসক সম্বৰ্ধনা জনোৱা হয়। তেওঁৰ ঘৰ নগাঁও জিলাৰ কঠীয়াতলী কছাৰী গাঁৱত। অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী দৃষ্টিহীন যুৱতীয়ে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দললৈ নিৰ্বাচিত হৈ লণ্ডনত ৫খন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধ দুৰ্দান্ত প্ৰদৰ্শনৰে স্বৰ্ণ জয় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3b5c6f07-1730-4d0f-82af-09991e7bb1e3/18698e41_18ef_43df_8949_3c08e0c9c814.jpg)
তেওঁৰ এই সফলতা তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ৰবিবাৰে কঠীয়াতলীত খেলুৱৈগৰাকীক উষ্ম আদৰণি জনোৱা হয়। কঠীয়াতলী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু কঠীয়াতলী ৰাইজৰ সহযোগত কঠীয়াতলী মাজমজিয়াত সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e9a1408f-389b-41aa-b47b-0fff70054293/2a7e5628_c5ab_48f0_b544_d723a8c8ea04.jpg)
প্ৰতিভাৱান খেলুৱৈগৰাকীলৈ কঠীয়াতলী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গামোচা,জাপি,শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাতে কঠীয়াতলীৰ সাংস্কৃতিক গোষ্ঠী 'ৰাংঢালী"ৰ সদস্যসকলেও গামোচা,জাপি,আৰু মানপত্ৰৰ আদিৰে সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/953e9cee-248f-413c-b340-50651ab43cc2/916df8a4_ad6e_4646_8b50_bd52be001203.jpg)
ইয়াৰোপৰি বিভিন্ন ব্যক্তি তথা দল-সংগঠনে আদৰণি জনোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলত অসমৰ পৰা প্ৰথমগৰাকী দৃষ্টিহীন মহিলা হিচাপে তেওঁ যোগ্যতা অৰ্জন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fb071d1a-9c68-49f1-900e-41c96154669c/785d5550_aa00_4941_87ae_9dc63af9aee4.jpg)
ইয়াৰ সুবাদতে চিমু দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলি অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰি দেশৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। ৰবিবাৰে খেলুৱৈগৰাকী কঠীয়াতলীত ভৰি দিয়াত স্থানীয় ৰাইজ উৎফল্লিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d71f8627-ff6b-4a35-991e-9989799d54b8/05f31375_cfc1_4357_a1d5_64127ddc0870.jpg)
উল্লেখ্য যে, বিগত জানুৱাৰী মাহত নেপালত অনুষ্ঠিত হোৱা দৃষ্টিহীন মহিলা ক্ৰিকেট প্ৰতিযোগিতাত চিমুৱে ৰাজস্থান টিমৰ হৈ খেলি মেন অফ দা চিৰিজ আৰু মেন অফ দা মেচৰ সন্মান লাভ কৰিছিল। এইবাৰ আগষ্ট মাহত ভাৰতীয় ক্ৰিকেট দলৰ হৈ চিমুৱে ইংলণ্ডত খেলিবলৈ গৈ দেশৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। কঠিয়াতলীৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতী চিমুৰ মাতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহাৰ কথা খেলুৱৈগৰাকীয়ে উল্লেখ কৰে।
Also Read: ধেমাজিতো গুৰুজনাৰ জন্মোৎসৱ উদযাপন