/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c985e039-6d86-47b1-b165-3acea44b8428/cricket_ind.jpg)
ডিজিটেল ডেস্ক : জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে ভাৰতীয় ক্ৰিকেট দলে। শ্ৰীলংকাৰ ভূমিত এছিয়া কাপ দখলৰ পিছত ঘৰৰ মাটিত অষ্ট্ৰেলিয়াৰে আৰম্ভ হৈছে দ্বিপাক্ষিক এদিনীয়া শৃংখলা।
সমাগত বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ প্ৰতি লক্ষ্য ৰাখিয়েই ব'ৰ্ডে এদিনীয়া শৃংখলাত বিশেষ গুৰুত্ব দিছে। সেয়ে শুকুৰবাৰৰ পৰা ভাৰতৰ মাটিত আৰম্ভ হৈছে দ্বিপাক্ষিক এদিনীয়া ক্ৰিকেট শৃংখলা। ভাৰত বনাম অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক তিনিখনীয়া শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছে পাঞ্জাৱৰ মোহালিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ff5abc66-ee57-47a8-b0cf-6f7d76c6220e/F6pHBsnbUAAzuCx.webp)
এই মেচখনত প্ৰথমে আলহী দল অষ্ট্ৰেলিয়াই বেট ধৰি কেউটা উইকেট হেৰুৱাই ২৭৬ ৰান সংগ্ৰহ কৰে। আক্ৰমণাত্মক বলিঙেৰে ভাৰতৰ হৈ মহম্মদ ছামীয়ে ৫.১০গড় ৰানেৰে ৫টা উইকেট দখল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3689646b-003f-4418-ac6f-2f28869f93bd/F6pMNhTbkAAeler.jpg)
আনহাতে অষ্ট্ৰেলিয়াই বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি কেল এল ৰাহুল নেতৃত্বাধীন ভাৰতে ৪৮.০৪ অ'ভাৰত মাত্ৰ ৫টা উইকেট হেৰুৱাই ২৮১ ৰান সংগ্ৰহ কৰি দুৰ্দান্ত বিজয় সাৱ্যস্ত কৰে। মেচখনত অ'পেনাৰ ঋতুৰাজ গাইকোড়াৰ,শুভমন গীল,অধিনায়ক কে এল ৰাহুল আৰু সূৰ্য্যকুমাৰ যাদৱে অৰ্ধশতক অৰ্জন কৰে।
ইফালে অপ্ৰতিৰোধ্য ভাৰতে এই জয়ৰ সুবাদত আই চি চি এদিনীয়া তালিকাত পাকিস্তানক অতিক্ৰম কৰি শীৰ্ষস্থান অধিকাৰ কৰে। উল্লেখযোগ্য যে, আন্তৰ্জাতিক ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে ভাৰতে শীৰ্ষস্থান দখল কৰে। এদিনীয়া তালিকাত সম্প্ৰতি ভাৰতৰ ৰেটিং হৈছে ১১৬। ইয়াৰোপৰি টেষ্ট আৰু টি-২০ত ক্ৰমে ১১৮ আৰু ২৬৪।
Also Read: চাকৰিৰ বজাৰত আৰ এছ এছ নেতাৰ ভাতৃ : মহিলাৰ পৰা লৈছে লাখে-লাখে টকা