
ডিজিটেল ডেস্কঃ দেশৰ সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে আজিৰ দিনটো হৈ পৰিল বিশেষ। পুৱাই আহিল সংস্কৃতি জগতৰ সেই পৰম আকাংক্ষিত খবৰটো।
এছ এছ ৰাজামৌলিৰ দ্বাৰা পৰিচালিত 'আৰ আৰ আৰ' ব্লকবাষ্টাৰ চিনেমাখনৰ জনপ্ৰিয় গীত 'নাটু নাটু' আৰু 'দ্যা এলিফেণ্ট হুইচপাৰৰ্ছে' লাভ কৰিলে অস্কাৰ সন্মান। ইয়াৰ পিছতেই ক্ৰীড়া প্ৰেমিক আনন্দিত কৰি তোলা আনটো খবৰ আহিল ক্ৰিকেটৰ পৰা।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰত। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত কৰিলে নিউজিলেণ্ডে।
সোমবাৰে নিউজিলেণ্ডে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এখন অতি গুৰুত্বপূৰ্ণ খেলত শ্ৰীলংকাক ২ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। লগে লগে ভাৰত প্ৰৱেশ কৰিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপখনৰ ফাইনেলত।
শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথমখন টেষ্টত শ্ৰীলংকা পৰাস্ত হোৱাৰ লগে লগে পইণ্ট টেবুলত দলটোৰ পইণ্ট হয়গৈ ৪৮.৪৮ শতাংশ। প্ৰথমখন টেষ্টত পৰাস্ত হোৱা শ্ৰীলংকাই টেষ্ট চিৰিজখন ১-০ ব্যৱধানত জয় কৰিলেও তেওঁলোকৰ পইণ্ট তালিকাত পইণ্টৰ সংখ্যা ভাৰতৰ সমান নহয়গৈ।
আনহাতে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি থকা ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ তথা অন্তিমখন টেষ্ট পৰাস্ত হ'লে হেতেন তেনে ভাৰতৰ পইণ্ট হ'ল হয় ৫৬.৯৪। এই সংখ্যা শ্ৰীলংকাতকৈ অধিক।
যিহেতু ভাৰতে অন্তিমখন টেষ্ট ড্ৰ খেলিলে গতিকে ভাৰতৰ এতিয়া পণ্ট টেবুলত পইণ্ট হৈছেগৈ ৬০.২৯। গতিকে এতিয়া ভাৰতে বাধা নোহোৱাকৈ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাটো নিশ্চিত হ'ল।
ভাৰতে এইদৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত প্ৰৱেশ কৰাত নিউজিলেণ্ডৰ কেন উইলিয়ামছনৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা। শ্ৰীলংকাৰ বিৰুদ্ধে বিজয়ৰ বাবে নিউজিলেণ্ডক প্ৰয়োজন হৈছিল ২৫৭ ৰাণৰ।
২৮/১ স্ক'ৰৰ পৰা আজি পুনৰ ইনিংছ আৰম্ভ কৰা নিউজিলেণ্ডৰ হৈ কেন উইলিয়ামছনে ১৯৪ টা বলত ১২১ ৰাণৰ শতকীয় ইনিংছ উপহাৰ দিয়ে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অনুষ্ঠিত হ'ব অহা ৭ ৰ পৰা ১১ জুনৰ ভিতৰত।
ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। দেশৰ মাটিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন টেষ্ট ড্ৰা কৰাৰ লগতে ২-১ ব্যৱধানত ছিৰিজ জয় কৰি আত্মবিশ্বাসী হৈ পৰিছে।
এনে পৰিপ্ৰেক্ষিতত ভাৰত বিশ্ব টেষ্ট চেম্পিয়নৰ অন্যতম দাবীদাৰ হৈ পৰিছে। অৱশ্য়ে অষ্ট্ৰেলিয়াৰ মাটিত এয়া ইমান সহজো নহ'ব।