চিৰাঙৰ বাসুগাঁৱত পাৱাৰলুমৰ গামোছাৰ বিৰুদ্ধে অভিযান

চিৰাঙৰ বাসুগাঁৱত পাৱাৰলুমৰ গামোছাৰ বিৰুদ্ধে অভিযান

অসমৰ হস্ততাঁত শিল্পৰ সৈতে জড়িত থলুৱা শিপিনী সকলক আৰ্থিক দিশত সকাঁহ তথা লাভান্বিত কৰাৰ লক্ষ্যৰে অসমৰ বজাৰত পাৱাৰলুম তথা বহিঃৰাজ্যৰ উৎপাদিত গামোছাৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

ডিজিটেল সংবাদ, চিৰাং: অসমৰ হস্ততাঁত শিল্পৰ সৈতে জড়িত থলুৱা শিপিনী সকলক আৰ্থিক দিশত সকাঁহ তথা লাভান্বিত কৰাৰ লক্ষ্যৰে অসমৰ বজাৰত পাৱাৰলুম তথা বহিঃৰাজ্যৰ উৎপাদিত গামোছাৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই বহিঃৰাজ্যত পাৱাৰলুম মেচিনত উৎপাদিত গামোছাৰ বিৰুদ্ধে জিলাই জিলাই প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে।

কিন্তু চিৰাঙৰ বাসুগাঁও চহৰত বহিঃৰাজ্যৰ পাৱাৰলুমত উৎপাদিত গামোছা, আৰ'নাইৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ পৰা অভিযান চলোৱাৰ নামত ভেকোঁভাওনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । সোমবাৰে চিৰাং জিলা প্ৰশাসন আৰু হস্তাতাঁত -বস্ত্ৰ শিল্প বিভাগৰ পৰা বাসুগাঁও চহৰৰ যিকেইখন বস্ত্ৰ ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলালে তাকে দেখি সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চিৰাং জিলাতে আজি জিলা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত ৰাখিশ্ৰী লেখাৰু নেতৃত্বত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ,আৰক্ষীৰ সহযোগত এক অতৰ্কিত অভিযান চলাইছিল । অভিযানকাৰী দল চলোৱাৰ উদ্দেশ্যেই বাসুগাঁও চহৰত আহি উপস্থিত হয় কিন্তু ৰহস্যজনক বিষয় যে জিলা প্ৰশাসন তথা অভিযানকাৰী দলটো বাসুগাঁও চহৰত উপস্থিত হোৱাৰ পূৰ্বেই বহিঃৰাজ্যৰ পাৱাৰলুমত উৎপাদিত গামোছা, মেখেলা, দখনা বিক্ৰী কৰা মুখ্য ব্যৱসায়ী প্ৰতিষ্ঠান কেইখন বন্ধ আছিল ।

অভিযানকাৰী দলটোয়ে কেৱল দায়িত্ব পালনৰ নামত কেইখনমান দোকানত সোমাই তালাচী চলাই কেইখনমান পাৱাৰলুমৰ গামোছা জব্দ কৰি লৈ যায় । বহিঃৰাজ্যৰ পাৱাৰলুমত উৎপাদিত গামোছাৰ মূখ্য পাইকাৰী ব্যৱসায়ী প্ৰতিষ্ঠানত কি কাৰণত জিলা প্ৰশাসনৰ পৰা অভিযান চলোৱা নহ'ল এই সন্দৰ্ভত অভিযানকাৰী দলৰ নেতৃত্ব বহন কৰা ৰাখিশ্ৰী লেখাৰুক প্ৰশ্ন কৰে। তেতিয়া তেওঁ কয় যে উক্ত ব্যৱসায় প্ৰতিষ্ঠা সমূহ আজি বন্ধ আছে সেয়ে আজি অভিযান চলোৱা নহল কিন্তু বাকী দোকান কেইখনত অভিযান চলোৱা হৈছে লগতে কিছু পাৱাৰলুমত উৎপাদিত বস্ত্ৰ জব্দ কৰাৰ কথা সদৰি কৰে ।

অভিযান চলোৱাৰ দিনতে হস্ততাঁত বস্ত্ৰ বিক্ৰী কৰা মুখ্য ব্যবসায়ী প্ৰতিষ্ঠান কেইখন কিয় বন্ধ কৰি ৰাখিলে সেয়া ৰহস্যৰ সৃষ্টি কৰিছে । যিটো দৰাচলতে জিলা প্ৰশাসনে কেৱল অভিযান চলাই যাৱ লাগে কাৰনে অভিযানৰ নামত কেৱল ভেকোঁভাওনা কৰি আছে আৰু প্ৰকৃতাৰ্থত বহিঃৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলুমত উৎপাদিত বস্ৰ কলাবজাৰ চলাই থকা এচাম ব্যবসায়ীক ৰক্ষণাবেক্ষণ দিয়াৰ সন্দেহ প্ৰকাশ হৈছে।

চিৰাঙৰ বাসুগাঁৱত পাৱাৰলুমৰ গামোছাৰ বিৰুদ্ধে অভিযান
বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল, ৰাজ্যত সৰ্বত্ৰে এতিয়া শিক্ষামন্ত্ৰী আৰু SEBAৰ অধ্যক্ষৰ পদত্যাগৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in