/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e2f556b9-80d4-4d65-a35b-cc6fd30e26a3/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ বতৰে বিধি পথালি দিয়া ক্ৰিকেট মেচত অৱশেষত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। দুৰ্দান্ত প্ৰদৰ্শনেৰে এছিয়া কাপৰ ছুপাৰ-৪ৰ মেচত পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিলে ভাৰতে। ২২৮ ৰানত ভাৰতৰ হাতত পৰাস্ত হ'ল পাকিস্তান।
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হোৱা এই খেলখন বৰষুণৰ বাবে স্থগিত হৈ সোমবাৰে পুনৰ অনুষ্ঠিত হয়। আনহাতে এইখন মেচতে বিৰাট কোহলিয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৩০০০ ৰান সংগ্ৰহ কৰে। যাৰ বাবে বিৰাট কোহলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হয়।
Also Read: মহানগৰ আৰক্ষীৰ আন এক সফলতাঃ জব্দ ১৮ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us