মহানগৰ আৰক্ষীৰ আন এক সফলতাঃ জব্দ ১৮ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ

মহানগৰ আৰক্ষীৰ আন এক সফলতাঃ জব্দ ১৮ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ আন এক বৃহৎ সফলতা। আমিনগাঁৱত সোমবাৰে নিশা জব্দ কৰিলে প্ৰায় ১৮ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ। উক্ত ড্ৰাগছখিনিৰ পৰিমাণ ২.৫ কেজি ।

এছ টি এফ আৰু কামৰূপ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হয় এই হেৰ'ইনখিনি। হেৰ'ইনখিনি মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে। ১৭০ টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ কৰা হয় এই ড্ৰাগছখিনি।

উল্লেখ্য ঘটনাৰে জড়িত থকাৰ অপৰাধত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৬ সৰবৰাহকাৰীক। আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে কামৰূপৰ মুক্তাপুৰৰ খলিলুৰ ৰহমান, আব্দুল আলী, দৰঙৰ কলিতাপাৰাৰ ইনামুল আলী আৰু মণিপুৰৰ গোগো দোংমো, গোগো হৌকিক, ৰণ মাৰ।

মহানগৰ আৰক্ষীৰ আন এক সফলতাঃ জব্দ ১৮ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ
বাক্সাত আধুনিক কৃষিযন্ত্ৰ উদ্ধোধন জিলা আয়ুক্তৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in