মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰৰ আধিপত্য

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰৰ আধিপত্য

ডিজিটেল ডেস্ক : বিশ্ব বক্সিং চেম্পিয়নশ্বিপ হৈছে বক্সাৰ সকলৰ বাবে এক অগ্নি পৰীক্ষা । পুৰুষৰ হওক অথবা মহিলাৰ, ইয়াত অংশ গ্ৰহণ কৰি সোণৰ পদক আজুৰি অনাৰ সপোন প্ৰায় প্ৰত্যেক গৰাকী বক্সাৰেই দেখি আহিছে প্ৰশিক্ষণৰ প্ৰাৰম্ভিক সময়ৰ পৰা । এই চেম্পিয়নশ্বিপৰ প্ৰত্যাহ্বানো তুমুল । এটা মুহুৰ্ততেই সলনি হ'ব পাৰে খেলৰ ফলাফল, সপোনৰ দিশ ।

এই চেম্পিয়নশ্বিপৰে মহিলাৰ সংস্কৰণত প্ৰথম দিনাই উজলি উঠিল ভাৰত । চাৰিখনকৈ খেলত চাৰি গৰাকী ভাৰতীয় বক্সাৰে ব্যতিব্যস্ত কৰি তুলিলে প্ৰতিপক্ষক, ৰিঙত যেন জলন্ত অগ্নিপিণ্ডৰ সৈতেহে অৱতীৰ্ণ হৈছে প্ৰতিপক্ষ । ৫০ কেজিৰ শাখাত ভাৰতৰ বক্সিং জগতৰ নতুন তাৰকা নিখাট জাৰীনে আজাৰবাইজানৰ আনাখানিম ইছমাইল'ভাক পৰাস্ত কৰে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ।

আনহাতে, একে দিনাই ৫২ কেজিৰ শাখাত সাক্ষী চৌধুৰীয়ে মাৰিয়া মাৰ্টিনেজক, ৮১ কেজিৰ শাখাত নুপুৰ শ্বেওৰানে আবিঅ'লা জেকমেন আৰু ৫৪ কেজিৰ শাখাত প্ৰীতিয়ে হানা লাকোটাৰক পৰাস্ত কৰি অগ্ৰগতি লাভ কৰে ।

উল্লেখ্য যে, এইয়া আছিল নিখাট জাৰীনৰ প্ৰথম খন খেল । নুপুৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে সাক্ষীয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে ।

এতিয়া অপেক্ষা মাথো আন কেইখন মান খেলৰ, আশা মাথো গোল্ড মেডেল । সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি নিৱদ্ধ এই চাৰি গৰাকীৰ ওপৰত । যেন এটা হ'লেও সোণৰ পদক দেশলৈ লৈ আহিব পাৰে এওঁলোকে । তাৰ সৈতেই ভাৰতীয় বক্সিঙৰ ধাৰা অব্যাহত থাকক, যি ধাৰা অতদিন অকলেই কঢ়িয়াই নিছিল মেৰীকমৰ দৰে দুৰ্দান্ত বক্সাৰে ।

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰৰ আধিপত্য
কাজিৰঙাৰ বাঘ কলিয়াবৰত বিচৰণ কৰাটো এক স্বাভাবিক প্ৰক্ৰিয়া : সঞ্চালক, কাজিৰঙা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in