/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e58225fb-8c23-4621-be16-9086347d5a1a/tiger.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্র প্ৰকল্পৰ অধীনৰ উত্তৰ পাৰৰ পৰা ওলাই গৈ কলিয়াবৰ চাহ বাগিছাৰ লগতে শিলঘাট-কামাখ্যা মন্দিৰৰ সমীপত আশ্ৰয় লৈছেগৈ ঢেঁকীয়াপতিয়া বাঘে । কাজিৰঙা ব্যাঘ্র প্ৰকল্পৰ অধীনৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি আছে কলিয়াবৰ চাহ বাগিছা।
সেই অঞ্চলত বন্যজন্তুৰ বিচৰণ এক স্বাভাৱিক ঘটনা। বিভিন্ন সময়ত কাজিৰঙাৰ পৰা ঢেঁকীয়াপতিয়া বাঘ ওলাই গৈ বহু দূৰ দুৰণিলৈ যায়। কিন্তু পুনৰ কাজিৰঙা লৈ উভতি আহে। উদ্যান তথা ব্যাঘ্র প্ৰকল্প এলেকাৰ পৰা বাঘ ওলাই যোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্পৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।
লগতে সঞ্চালক গৰাকীয়ে কয় যে কলিয়াবৰ চাহ বাগিচাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলটোত এজনী গাভিনী বাঘ সহ কেইবাটাও বাঘ থকাৰ কথা তেওঁক অৱগত কৰিছে উক্ত স্থানৰ বন কৰ্মী সকলে। মানুহৰ সমাগমৰ পৰা যি কোনো ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজক সজাগ হোৱাৰ লগতে উক্ত অঞ্চলত বাঘ চাবলৈ ভিৰ নকৰিবলৈ আহ্বান সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ।
ইফালে,শিলঘাট-ৰবৰবাৰিৰ পৰা ত্ৰিশূলধাৰী মন্দিৰ সংযোগী পথত ইতিমধ্যে বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ ১৪৪ ধাৰা জাৰি কৰিছে কলিয়াবৰৰ মহকুমা প্ৰশাসনে।