নাগপুৰ টেষ্টলৈ দুদিন বাকী, সম্পূৰ্ণৰূপে সাজু অষ্ট্ৰেলিয়া...

নাগপুৰ টেষ্টলৈ দুদিন বাকী, সম্পূৰ্ণৰূপে সাজু অষ্ট্ৰেলিয়া...

ডিজিটেল ডেস্ক : বেংগালুৰুৰ প্ৰস্তুতি শিবিৰ সামৰি যুদ্ধক্ষেত্ৰ নাগপুৰত উপস্থিত হৈছে অষ্ট্ৰেলিয়া ।ইয়াৰ লগে লগে প্ৰথম টেষ্টৰ উত্তাপো বাঢ়িল । ইফালে বিগত তিনি দিন ধৰি যুদ্ধক্ষেত্ৰতে প্ৰস্তুতি চলাই ৰণলৈ সাজু হৈছে টীম ইণ্ডিয়া ।

এই মুহুৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে উইকেটৰ আচৰণ কি হ'ব ! সকলোৰে আশা একপক্ষীয় উইকেট যাতে নহয় কিয়নো একপক্ষীয় উইকেট মানেই বিপদসংকুল যাত্ৰা । স্পীন হলেও বিপদ, পেচ হ'লেও ভয়াৱহ । কিয়নো অষ্ট্ৰেলিয়া সাজু দুয়োটাৰ বাবেই ।

অৱশ্যে পেচৰ বাবে জনাজাত হ'লেও অষ্ট্ৰেলিয়াৰ পেচ বিভাগ এতিয়া দুৰ্বল । আঘাতপ্ৰাপ্ত বেগী বলাৰ ষ্টাৰ্ক-গ্ৰীন । নাথাকিব হেজেলউড ।

ইফালে নেট অনুশীলনত সোঁহাতেৰে বেটিং অনুশীলন বাওঁহাতীয়া ডেভিদ ৱাৰ্নাৰৰ । তাৰ বাবেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কোনো নতুন কৌশল তৈয়াৰ কৰিছে নেকি ৱাৰ্নাৰে ? অনুশীলনীৰ অধিক সময় সোঁহাতেৰেই বেটিং কৰি কটালে ৱাৰ্নাৰে । অৱশ্যে ৱাৰ্নাৰে ইয়াৰ পূৰ্বেও সোঁহাতেৰে বেটিং কৰিছিল । ২০১৯ চনত বাংলাদেশ প্ৰিমিয়াৰ লীগত স্পীনাৰৰ বিৰুদ্ধে সোঁহাতেৰে বেটিং কৰিছিল । ভাৰতৰ স্পীনাৰৰ আধিপত্য খৰ্ব কৰিবলৈ এইয়া হয়তো ৰিভাৰ্ছ ছুইপ নিখুঁত কৰাৰ অনুশীলন । এই পৰীক্ষাত সফল হ'লে ভাৰতৰ স্পীনাৰসকল বিপদত পৰিব ।

আনহাতে, অষ্ট্ৰেলিয়া প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথৰ মন্তব্য যে, এছেজতকৈ গুৰুত্বপূৰ্ণ এই শৃংখলা । একেই সুৰ বৰ্তমানৰ অধিনায়ক পেট কামিন্সৰ কন্ঠতো একেই সুৰ । কামিন্সেও এছেজতকৈ এই শৃংখলাক অধিক গুৰুত্ব দিছে । এই সন্দৰ্ভত ডেভিদ ৱাৰ্নাৰে কয় যে, এই শৃংখলা ইমানেই গুৰুত্বপূৰ্ণ যে ই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট দল দুটা নিৰ্ধাৰণ কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in