নাগালেণ্ডৰ ৭৫ শতাংশ বিধায়ক কোটিপতি

৩ শতাংশ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডৰ ৭৫ শতাংশ বিধায়ক কোটিপতি

ডিজিটেল সংবাদ, বেকাজান : ৰাজনীতি এতিয়া ৰাইজৰ সেৱা নহৈ পেছালৈ পৰিণত হৈছে । ইয়াৰ শেহতীয়া উদাহৰণ হৈছে নাগালেণ্ড । ৬০ জনীয়া নাগালেণ্ডৰ ত্ৰয়োদশ বিধানসভাৰ ৭৫ শতাংশ বিধায়কেই কোটিপতি । এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ এক প্ৰতিবেদনৰ তথ্য অনুসৰি নাগালেণ্ডৰ বৰ্তমানৰ বিধায়কসকলৰ ভিতৰত ৭৫ শতাংশ কোটিপতি।

Advertisment

অৰ্থাৎ ৬০ জন বিধায়কৰ ভিতৰত ৪৫ জন কোটিপতি । আনহাতে ৩ শতাংশই বিধায়কৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধমূলক গোচৰ । ইয়াৰে ৪২ গৰাকী বিধায়কৰ ভিতৰত ৩২ জন নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ কোটিপতি, বিজেপিৰ ১২ জনৰ ভিতৰত ৯ জন কোটিপতি , নগা পিপলছ ফ্ৰণ্ট ৪ জনৰ ভিতৰত ৩ জন কোটিপতি আৰু ২ জন স্বতন্ত্ৰ বিধায়কৰ ভিতৰত ১ জনেই কোটিপতি হিচাপে সম্পত্তি ঘোষণা কৰিছে নিৰ্বাচনী শপতনামাত উল্লেখ কৰিছে।

এই ৪৫ জন বিধায়ক সম্পত্তি মূল্য ৫.১৪ কোটি টকাতকৈ অধিক। ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীসকলে দাখিল কৰা শপতনামাত কোৱা হৈছে যে আসন লাভ কৰা প্ৰতিজন বিধায়কৰ গড় সম্পত্তিৰ পৰিমাণ ৫.১৪ কোটি টকা। ইয়াৰে এনডিপিপিৰ ৪২জন বিধায়কৰ প্ৰতিজন বিধায়কৰ গড় সম্পত্তি ৫.৭৩ কোটি, ১২জন বিজেপি বিধায়কৰ ৩.৬৮ কোটি, ৪জন এনপিএফ বিধায়কৰ ৫.৩৪ কোটি আৰু দুজন নিৰ্দলীয় বিধায়কৰ গড় সম্পত্তি ১.১৩ কোটি টকা।

ইপিনে শিক্ষাগত অৰ্হতা ক্ষেত্ৰত ১৯ জন বিধায়কে নিজৰ অৰ্হতা অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত উত্তীৰ্ণ । ৪০ জন বিধায়কে স্নাতক বা স্নাতকোত্তৰ। বিধায়কৰ বয়সৰ সবিশেষ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে ১০ (১৭ শতাংশ) বিধায়কে ৩১ৰ পৰা ৪০ বছৰৰ ভিতৰত বুলি ঘোষণা কৰিছে, আনহাতে ৩২ (৫৩ শতাংশ) বিধায়কৰ বয়স ৪১ৰ পৰা ৬০ বছৰৰ ভিতৰত। উল্লেখযোগ্য এই ৬০ জন বিধায়কৰ ভিতৰত বৰ্তমানলৈকে এগৰাকীও মহিলা বিধায়ক নাই ।

nagaland election nagaland