ৰিয়ান পৰাগৰ ২৪ বলত ১২ ৰান : বাংলাদেশ 'এ' দলক হৰুৱাই ফাইনেলত ভাৰত 'এ'

ৰিয়ান পৰাগৰ ২৪ বলত ১২ ৰান : বাংলাদেশ 'এ' দলক হৰুৱাই ফাইনেলত ভাৰত 'এ'

ডিজিটেল ডেস্ক : শ্ৰীলংকাত অনুষ্ঠিত এমাৰ্জিং এছিয়া কাপত দুৰ্দান্ত প্ৰদৰ্শন ভাৰত 'এ' ক্ৰিকেট দলৰ। শুকুৰবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচত বাংলাদেশ 'এ' দলক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে যশ ধুল নেতৃত্বধীন ভাৰতীয় দলটোৱে।

প্ৰথমে বেট ধৰি ভাৰতে ৪৯.১ অ'ভাৰত অধিনায়ক যশ ধুলৰ ৬৬ ৰানেৰে ২১১ ৰান সংগ্ৰহ কৰে। মেচখনত অসম সন্তান তথা ৰাজস্থান ৰয়েলছৰ প্ৰতিভাৱান খেলুৱৈ ৰিয়ান পৰাগে ২৪ টা বলত ১২ ৰান সংগ্ৰহ কৰি দলৰ জয়ত অন্যতম বৰঙণি যোগায়।

আনহাতে নিশান্ত সিন্ধুৰ বিধ্বংসী বলিঙত তিষ্ঠিব নোৱাৰি বাংলাদেশে নিৰ্ধাৰিত অ'ভাৰত ১৬০ ৰানতে ইনিংছ সামৰে। ছেমি ফাইনেলত ভাৰতে বাংলাদেশক ৫১ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

ৰিয়ান পৰাগৰ ২৪ বলত ১২ ৰান : বাংলাদেশ 'এ' দলক হৰুৱাই ফাইনেলত ভাৰত 'এ'
ৱেষ্ট ইণ্ডিজৰ সন্মুখত ৰানৰ পাহাৰ : শতকৰে উদযাপন বিৰাটৰ ৫০০ সংখ্যক আন্তৰ্জাতিক মেচ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in