/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1b732caa-5ddc-4b08-b5cb-64c8d171e6d7/virat1.jpg)
ডিজিটেল ডেস্ক : বৰ্ণময় ক্ৰিকেট কেৰিয়াৰত ৫০০ সংখ্যক আন্তৰ্জাতিক মেচ খেলিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে। ৱেষ্ট ইণ্ডিজৰে চলি থকা শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত তাৰকা ক্ৰিকেটৰগৰাকীয়ে ভাগ লোৱাৰ লগে লগে এই কৃতিত্বৰ গৰাকী হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5f252932-20df-44d8-9df0-450d4101c45e/F1kzZKtaIAED6D9.jpg)
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতক অৰ্জন কৰি বিৰাট কোহলিয়ে উদযাপন কৰিলে নিজৰ ৫০০ সংখ্যক আন্তৰ্জাতিক মেচ। এই মেচৰ দ্বাৰা তেওঁ ছাৰ ডন ব্ৰেডমেনক স্পৰ্শ কৰি টেষ্টত ২৯ সংখ্যক শতকটো অৰ্জন কৰে। কোহলিৰ ১২১ ৰানৰ জৰিয়তে ভাৰতে ঘৰুৱা দলটোৰ সন্মুখত ৰানৰ পাহাৰ গঢ়ি তোলে।
২০ জুলাইৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত দ্বিতীয় দিনা ভাৰতে ৪৩৮ ৰান সংগ্ৰহ কৰে। কোহলিৰ শতকৰ উপৰিও ৪গৰাকীকৈ বেটছমেনে অৰ্ধশতক অৰ্জন কৰি ঘৰুৱা দলটোৰ সন্মুখত বিশাল স্ক'ৰ থিয় কৰায়।
অধিনায়ক ৰোহিত শৰ্মা ৮০,যশস্বী জয়ছোৱাল ৫৭,ৰবীন্দ্ৰ জাডেজা ৬১ আৰু ৰবিচন্দ্ৰন অশ্বিনে ৫৬ ৰান সংগ্ৰহ কৰে। মেচৰ দ্বিতীয় দিনাৰ শেষত ভাৰতে ৪৩৮ ৰানত প্ৰথম ইনিংছ সমাপ্ত কৰে। আনহাতে বাতৰি লিখা পৰলৈকে দিনান্তত ৱেষ্ট ইণ্ডিজে ১টা উইকেট হেৰুৱাই ৮৬ ৰান সংগ্ৰহ কৰে।
Also Read: আহি আছে বুমৰাহ, কে এল, আয়াৰ, প্ৰসিদ্ধঃ পণ্টেও নেটত আৰম্ভ কৰিছে অনুশীলন...