হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতৰ হৈ উইকেট ৰক্ষক বেটাৰ কে এল ৰাহুলে ৭৫ ৰান কৰে আৰু এই বিজয়ত ৰবীন্দ্ৰ জাডেজাই ৪৫ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়

author-image
Asomiya Pratidin
New Update
হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ডিজিটেল ডেস্কঃ জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ভাৰতীয় ক্ৰিকেট দলৰ। আলহী দল অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতে সদ্যসমাপ্ত ব'ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ট্ৰফী জয় কৰাৰ পাছত শুকুৰবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতে জয়লাভ কৰে।

Advertisment

চলিত বৰ্ষৰ আৰম্ভণীৰ পৰাই ভাৰতে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত এদিনীয়া শৃংখলাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অষ্ট্ৰেলিয়াৰ বিপক্ষে আজি ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ।

ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলক নেতৃত্ব প্ৰদান কৰাৰ সুযোগ লাভ কৰে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই। পাণ্ডিয়াৰ বাবে এই মেচ আছিল অতি গুৰুত্বপূৰ্ণ। কিয়নো ৰোহিত শৰ্মাৰ নেতৃত্বত এই বৰ্ষৰ বিগত এদিনীয়া শৃংখলাসমূহৰ সময়চোৱাত ভাৰতে এখনো মেচত পৰাজয়বৰণ কৰা নাই।

সেয়ে হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত আজিৰ বিজয়ে জয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰে। টছত জয়ী হৈ ঘৰুৱা দল ভাৰতে বলিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি ভাৰতৰ নিয়ন্ত্ৰিত বলিংৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৩৫.৪ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ৩৯.৫ অভাৰত ৫ টা উইকেইট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ উইকেট ৰক্ষক বেটাৰ কে এল ৰাহুলে ৭৫ ৰান কৰে আৰু এই বিজয়ত ৰবীন্দ্ৰ জাডেজাই ৪৫ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ উইকেইট পতনৰ মূলতে বেগী বলাৰ মহম্মদ ছামী আৰু ছিৰাজৰ নিয়ন্ত্ৰিত বলিং। দুয়ো ৩ টাকৈ উইকেইট দখল কৰে।

Also Read: পাণ্ডিয়াৰ অগ্নি পৰীক্ষা ! কোনো ভাৰতীয় অধিনায়কে কৰিব নোৱাৰা কাম কৰিব লাগিব ৱাংখেড়েত....

indvsaus hardik pandya cricket