পাণ্ডিয়াৰ অগ্নি পৰীক্ষা ! কোনো ভাৰতীয় অধিনায়কে কৰিব নোৱাৰা কাম কৰিব লাগিব ৱাংখেড়েত....

পাণ্ডিয়াৰ অগ্নি পৰীক্ষা ! কোনো ভাৰতীয় অধিনায়কে কৰিব নোৱাৰা কাম কৰিব লাগিব ৱাংখেড়েত....
পাণ্ডিয়াৰ অগ্নি পৰীক্ষা ! কোনো ভাৰতীয় অধিনায়কে কৰিব নোৱাৰা কাম কৰিব লাগিব ৱাংখেড়েত....

ডিজিটেল ডেস্কঃ আজিৰে পৰা ভাৰত- অষ্ট্ৰেলিয়াৰ মাজত দ্বিপাক্ষিক এদিনীয়া শৃংখলা। ৩ খন এদিনীয়াৰ এই শৃংখলাৰ প্ৰথমখন মেচ আজিৰে পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

ৰোহিত শৰ্মাৰ অনুপস্থিতিত এই প্ৰথমখন মেচৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছে হাৰ্দিক পাণ্ডিয়াই। পাণ্ডিয়াই আজি প্ৰথমবাৰৰ বাবে এদিনীয়াত ভাৰতক নেতৃত্ব দিব।

অৱশ্যে টি-২০ ত তেওঁ ইতিমধ্যে অধিনায়ক হিচাপে নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰিছে। অধিনায়ক হিচাপে পাণ্ডিয়াই আজি ভাৰতক নেতৃত্ব দিবলৈও মানসিক ভাবু সাজু হৈছে যদিও তেওঁৰ বাবে এই দায়িত্ব ইমান সহজ নহ'ব।

তেওঁৰ সন্মুখত আছে কেইবাটাও প্ৰত্যাহ্বান। ভাৰতে চলিত বৰ্ষত এতিয়ালৈকে মুঠ ৬ খন এদিনীয়া খেলিছে। এই সকলো মেচতে ভাৰতে বিজয় সাব্যস্ত কৰিছে। এই ৬ খন মেচতে অধিনায়ক হিচাপে আছিল ৰোহিত শৰ্মা।

কিন্তু চলিত বৰ্ষত ৰোহিত অবিহনে আজি প্ৰথমবাৰৰ বাবে এদিনীয়া খেলিব ভাৰতীয় দলটোৱে। পূৰ্বৰ এই ৬ খন মেচৰ ভিতৰত প্ৰথমে বেটিং কৰা ৪ খন মেচতেই ভাৰতে ৩০০ ৰো অধিক স্ক'ৰ কৰিবলৈ সক্ষম হৈছে।

শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে প্ৰথমে বেটিং কৰি সাত উইকেট হেৰুৱাই ৩৭৩ ৰাণ সংগ্ৰহ কৰিছিল। শৃংখলাটোৰ তৃতীয় আৰু অন্তিমখন মেচত টীম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি পাঁচ টা উইকেটৰ বিনিময়ত ৩৯০ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতে প্ৰথমখন খেলত টীম প্ৰথমে বেটিং কৰি ৮ টা উইকেটৰ বিনিময়ত ৩৪৯ ৰাণৰ সংগ্ৰহ কৰে। দ্বিতীয় খন খেলত টীম ইণ্ডিয়াই নিউজিলেণ্ডে বান্ধি দিয়া ১০৮ ৰাণৰ লক্ষ্য সহজে অতিক্ৰম কৰিছিল।

তৃতীয়খন খেলত টীম ইণ্ডিয়াই পুনৰ প্ৰথমে বেটিং কৰি ৯ টা উইকেটত ৩৮৫ ৰাণ সংগ্ৰহ কৰিছিল। সেয়েহে অধিনায়ক হিচাপে পাণ্ডিয়াই যদিহে প্ৰথমে বেটিং কৰাৰ সুযোগ অৰ্জন কৰিবলৈ সক্ষম হয় তেন্তে ৩০০ ৰ অধিক স্ক'ৰ থিয় কৰোৱাৰ এক মানসিক চাপ নিশ্চয় থাকিব।

উল্লেখ্য যে,টীম ইণ্ডিয়াই মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ১৯ খন এদিনীয়া খেলিছে। ইয়াৰ ভিতৰত, ১০ খন মেচ জয় কৰিছে আৰু ৯ খনত পৰাজিত হৈছে। কিন্তু ভাৰতীয় দলটোৱে ৱাংখেড়েত এবাৰো ৩০০ ৰাণ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই।

ষ্টেডিয়ামখনত ভাৰতৰ সৰ্বাধিক স্ক'ৰ ২৯৯। অৱশ্যে এই একেখন ষ্টেডিয়ামতে ৪০০ ৰো অধিক স্ক'ৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ইয়াত ৪৩৮ ৰাণ সংগ্ৰহ কৰিছিল।

ৰোহিত শৰ্মাৰ নেতৃত্বত চলিত বৰ্ষত ভাৰতে প্ৰথমে বেটিং কৰা প্ৰতিখন মেচত ৩০০ ৰো অধিক ৰাণৰ যি স্ক'ৰ সংগ্ৰহ কৰাৰ এক পৰম্পৰা প্ৰতিষ্ঠা কৰিছে তাক বাহাল ৰখাটো পাণ্ডিয়াৰ বাবে হ'ব এক বৃহৎ প্ৰত্যাহ্বান।

আনহাতে ক্ৰিকেট বিশেষজ্ঞ আৰু প্ৰাক্তন ক্ৰিকেটাৰসকলে ৰোহিতৰ পিছতেই ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিবলৈ পাণ্ডিয়াক প্ৰজেক্ট কৰিছে। তেওঁলোকৰ মতে পাণ্ডিয়াই হ'ব ভাৰতীয় দলৰ পৰৱৰ্তী অধিনায়ক। গতিকে এইসকল লোকৰ বিশ্বাসক প্ৰতিষ্ঠা কৰিবলৈ পাণ্ডিয়াই নিজৰ দক্ষতাৰ প্ৰমাণ দিবই লাগিব।

পাণ্ডিয়াৰ অগ্নি পৰীক্ষা ! কোনো ভাৰতীয় অধিনায়কে কৰিব নোৱাৰা কাম কৰিব লাগিব ৱাংখেড়েত....
শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ..

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in