অপ্ৰতিৰোধ্য ৰোহিত বাহিনী : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নাগপুৰৰ পাছত দিল্লীত জয়লাভ ভাৰতৰ

দুয়োটা ইনিংছতে প্ৰাক্তন অধিনায়কগৰাকীয়ে সংগ্ৰহ কৰে ক্ৰমে ৪৪ আৰু ২০ ৰান। ব্যৰ্থ হয় কে এল ৰাহুলো

author-image
Asomiya Pratidin
New Update
অপ্ৰতিৰোধ্য ৰোহিত বাহিনী : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নাগপুৰৰ পাছত দিল্লীত জয়লাভ ভাৰতৰ

ডিজিটেল ডেস্কঃ নাগপুৰৰ পাছত দিল্লীত বিজয় ধ্বজ্জা ভাৰতীয় ক্ৰিকেট দলৰ। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰতৰ হাতত পৰাস্ত আলহী দল অষ্ট্ৰেলিয়া। অপ্ৰতিৰোধ্য ৰোহিত বাহিনী। ক্ৰমাগত দ্বিতীয় জয় ভাৰতৰ।

Advertisment

এই জয়ৰ সুবাদতে চাৰিখনীয়া টেষ্ট শৃংখলাত ২-০ৰ ব্যৱধানত আগবাঢ়ি আছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল। টছত জয়ী হৈ পোনতে বেট ধৰে পেট কামিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়াই। আলহী দলটোৱে প্ৰথম ইনিংছত কৰে ২৬৩ ৰান।

প্ৰথম ইনিংছত দলটোৰ উচমান খাৱাজাই ৮১ ৰান কৰে। উক্ত ইনিংছত ভাৰতৰ হৈ মহম্মদ চামীয়ে ৪ টা উইকেট দখল কৰাৰ বিপৰিতে স্পীন যুটি জাডেজা আৰু অশ্বিনে ৩টা উইকেট দখল কৰে।

আনহাতে ভাৰতে সংগ্ৰহ কৰে ২৬২ ৰান। ১ ৰানৰ অগ্ৰগতি লৈ অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ আৰম্ভ কৰে। কিন্তু জাডেজাৰ নিয়ন্ত্ৰিত বলিংৰ সন্মুখত তিষ্ঠিব নোৱাৰি ১১৩ ৰানতে ইনিংছৰ যৱনিকা পৰে। জাডেজাই লাভ কৰে ৭টাকৈ উইকেট।

পৰিপ্ৰেক্ষিতত ভাৰতে জয়ৰ বাবে ১১৫ ৰানৰ লক্ষ্যলৈ আগবাঢ়ি ৪টা উইকেট হেৰুৱাই ১১৮ ৰান সংগ্ৰহ কৰি বিজয়ী হয়। অৱশ্যে বিৰাট কোহলিৰ ঘৰুৱা খেলপথাৰ কোটলাৰ এই মেচ সুখকৰ নহ'ল। দুয়োটা ইনিংছতে প্ৰাক্তন অধিনায়কগৰাকীয়ে সংগ্ৰহ কৰে ক্ৰমে ৪৪ আৰু ২০ ৰান। ব্যৰ্থ হয় কে এল ৰাহুলো। তেঁও দুয়োটা ইনিংছত মাত্ৰ ১৭ আৰু ১ ৰান কৰে।

আৰু পঢ়কঃ আকৌ প্ৰাণ পালে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰ : এ জে ৱাই চি পি একাদশ আৰু মিডিয়া একাদশৰ মাজত ৰোমাঞ্চকৰ ক্ৰিকেট মেচ...

cricket test cricket ind vs aus