/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/964488a7-b15a-4e8c-abb3-2202274b84a7/a13.jpg)
ডিজিটেল সংবাদ,নগাঁও : আকৌ প্ৰাণ পাই উঠিছে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰে ৷ নগাঁও জিলাৰ ভিতৰতে অগ্ৰণী খেলপথাৰ উৰিয়াগাঁও খেলপথাৰৰ ভূমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰিছিল । কিন্তু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত উক্ত ভূমি পুনৰ ব্যবহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/09118315-5931-4eb7-8370-fa215171fba4/9a72fc7c_9e18_4209_bf29_1b60b8778b3b.jpg)
যাৰ বাবে উৰিয়াগাঁৱৰ ক্ৰীড়াৰ বাতাবৰণ ম্লান পৰাৰ ১৭ বছৰ পাছত অনুষ্ঠিত হয় খেল ৷ উৰিয়াগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ যৌথ সহযোগত পুনৰবাৰ উৰিয়াগাঁৱৰ খেলপথাৰে প্ৰাণ পাই উঠিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b139f1a7-1e63-4786-93f9-94115f7bed53/6c997c41_96c3_4120_9aef_51ba16422fb0.jpg)
দেওবাৰৰ পৰা উৰিয়াগাঁও খেলপথাৰত আৰম্ভ হৈছে এখনি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা ৷ পুৱা পতাকা উত্তোলনৰ পিছতে ছহিদ তৰ্পন কাৰ্যসূচী আৰম্ভ হয় ৷ ইয়াৰ পিছতে প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c1224fa2-c660-4d3c-97e3-78c49fdc3aad/8a848612_812e_45ed_b8a7_87dbe23d56d7.jpg)
অনুষ্ঠানত নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্লাবন বৰুৱা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,নাৰায়ন বনিয়া, প্ৰভাত বৰা,দীপমণি বড়া , দিগন্ত দাস,পীতাম্বৰ শইকীয়া,কমলেশ্বৰ শইকীয়া,ডিম্বেশ্বৰ বৰা,প্ৰাগজ্যোতিষ বনিয়া আদি উপস্থিত থাকে ৷
কলংপৰীয়া য়ুথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনি উদ্বোধন কৰে ক্ৰীড়া সংগঠক প্লাবন বৰুৱাই ৷ বৰুৱাই উৰিয়াগাঁও খেলপথাৰ পুনৰ উদ্ধাৰ কৰাৰ প্ৰচেষ্টাক শলাগ লয় ৷ উল্লেখ্য যে খেল উদ্বোধনীৰ সময়ত বেটিংৰ ৰূপত দেখা পোৱা যায় প্ৰকাশ মহন্ত আৰু বলিং কৰে ক্ৰীড়া সংগঠক প্লাৱন বৰুৱাই।
জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই উৰিয়াগাঁৱৰ গৌৰবউজ্জল ইতিহাসৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই উৰিয়াগাঁৱৰ খেলপথাৰত পুনৰ ক্ৰীড়াৰ পৰিবেশ গঢ়ি উঠাত আনন্দ প্ৰকাশ কৰে ৷ উদ্বোধনী খেলখনি এ জে ৱাই চি পি একাদশ আৰু মিডিয়া একাদশৰ মাজত আৰম্ভ হয় ৷ টচত জয়ী হৈ মিডিয়া একাদশে বেটিঙ কৰে ৷
আৰু পঢ়কঃ ডিক্ৰং ভেলী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন