ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত ভাৰত : ট'প অৰ্ডাৰৰ বেটত নাই ৰান

অত্যধিক আত্মবিশ্বাসৰ ফলত উক্ত শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচত ভাৰতে ঘৰুৱা দলটোৰ হাতত নিৰ্লজ্জভাৱে পৰাজয় বৰণ কৰিছিল
ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত ভাৰত : ট'প অৰ্ডাৰৰ বেটত নাই ৰান

ডিজিটেল ডেস্ক : সন্মুখত এদিনীয়া বিশ্বকাপ। বৰ্তমানেও পূৰ্ণ দল গঠনৰ বাবে সম্পৰীক্ষা চলি আছে ভাৰতীয় ক্ৰিকেট দলৰ। একাধিক অধিনায়ক সাল-সলনিৰ উপৰি জ্যেষ্ঠ খেলুৱৈৰ সঘন বিশ্ৰামে বিপদত পেলাব পাৰে ভাৰতীয় দলটোক।

প্ৰতিপক্ষক দুৰ্বল বুলি ভবাটো দলটোৰ বাবে উচিত নহয়। কিয়নো সম্প্ৰতি ভাৰতীয় দলটো ব্যস্ত আছে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত। ক্ৰিকেটৰ তিনিওটা সংস্কৰণৰ সম্পূৰ্ণ শৃংখলা খেলাৰ উদ্দেশ্যে জুলাই মাহতে দ্বীপৰাষ্ট্ৰখনত উপস্থিত হৈছে মেন ইন ব্লু।

টেষ্ট আৰু এদিনীয়া শৃংখলাৰ খিতাপ দখল কৰাৰ পিচতে আৰম্ভ হৈছে টী-২০ আন্তৰ্জাতিক শৃংখলা। এই টি-২০ শৃংখলাৰ বৃহস্পতিবাৰে ত্ৰিনাদতত অনুষ্ঠিত প্ৰথমখন মেচত ৪ ৰানৰ ব্যৱধানত ভাৰত পৰাস্ত হয়। দলটোৰ হৈ কোনো এগৰাকী তাৰকা বেটছমেনৰ দায়িত্ব সুলভ বেটিঙ আক্ৰমণ দেখা নগ'ল। সকলোৱে যেন আয়াৰাম-গয়াৰাম।

ব্যৰ্থ ঈশাণ কিষাণ,গীল,পাণ্ডিয়া আৰু সঞ্জু ছেমছন। অৱশ্য তাৰ মাজতে টি-২০ মেচৰে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটা তিলক বাৰ্মাই ৩৯ ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে,অত্যধিক আত্মবিশ্বাসৰ ফলত উক্ত শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচত ভাৰতে ঘৰুৱা দলটোৰ হাতত নিৰ্লজ্জভাৱে পৰাজয় বৰণ কৰিছিল।

টেষ্ট শৃংখলাৰ পিচত দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা আৰু নিৰ্ভৰযোগ্য বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে খেলা নাছিল। দুয়োগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে এই শৃংখলাত নেখেলাক লৈ একাংশ সমোলোচকে তীব্ৰ সমালোচনা কৰিছে। কিয়নো সন্মুখত বিশ্বকাপ, সেয়ে এনে পৰিস্থিতিত অধিক আত্মবিশ্বাসী হোৱাটো ভাল কথা নহয়।

ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত ভাৰত : ট'প অৰ্ডাৰৰ বেটত নাই ৰান
শৃংখলা দখলৰ যুঁজত ভাৰত-ৱেষ্ট ইণ্ডিজৰ গুৰুত্বপূৰ্ণ মেচ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in