১০টাৰে ৫টা ৰবিচন্দ্ৰন অশ্বিনৰ নামত : স্পীনাৰৰ ছুনামীত বিধ্বস্ত ৱেষ্ট-ইণ্ডিজ

১০টাৰে ৫টা ৰবিচন্দ্ৰন অশ্বিনৰ নামত : স্পীনাৰৰ ছুনামীত বিধ্বস্ত ৱেষ্ট-ইণ্ডিজ

author-image
Asomiya Pratidin
New Update
১০টাৰে ৫টা ৰবিচন্দ্ৰন অশ্বিনৰ নামত : স্পীনাৰৰ ছুনামীত বিধ্বস্ত ৱেষ্ট-ইণ্ডিজ

ডিজিটেল ডেস্ক : বয়স যিমানে বাঢ়ি গৈ আছে, সিমানেই উজলি উঠিছে অভিজ্ঞ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন। কেৰেবিয়ান ভূমিত ত্ৰাসৰ সৃষ্টি কৰিছে তাৰকা স্পীনাৰগৰাকীয়ে।

Advertisment

অশ্বিনৰ স্পীন যাদুত ধোঁৱাকোৱা দেখিছে ঘৰুৱা দল ৱেষ্ট-ইণ্ডিজৰ বেটছমেনে। প্ৰথম ইনিংছতে ১০ টা উইকেটৰ ৫টা উইকেট ৰবিচন্দ্ৰন অশ্বিনৰ নামত। প্ৰথম দিনাই মাত্ৰ ১৫০ ৰানতে সমাপ্ত কেৰেবিয়ান বাহিনীৰ প্ৰথম ইনিংছ।

ভাৰতীয় ক্ৰিকেট দলে কিছুদিন পূৰ্বেই সম্পূৰ্ণ শৃংখলা খেলাৰ উদ্দেশ্যে ৱেষ্ট-ইণ্ডিজ ভ্ৰমণৰ বাবে গৈছে। টেষ্ট,এদিনীয়া আৰু টী-২০ মেচৰে দ্বিপাক্ষিক শৃংখলাত ভাগ ল'ব দুয়োখন দেশে।

এই ভ্ৰমণসূচী টেষ্ট শৃংখলাৰে আৰম্ভ কৰিছে দুয়ো দলে। বুধবাৰৰ পৰা আৰম্ভ হৈছে শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ। টছত জয়ী হৈ প্ৰথমে বেট ধৰা ঘৰুৱা দল ৱেষ্ট-ইণ্ডিজে প্ৰথম দিনটোতেই আটাইকেইটা উইকেট হেৰুৱাই ১৫০ সংগ্ৰহ কৰে।

স্পীন সহায়ক পিটছৰ সদব্যৱহাৰ কৰে ভাৰতীয় স্পীন যুটি অশ্বিন-জাডেজাই। ৰবীন্দ্ৰ জাইজেই লাভ কৰে ৩টা উইকেট। আনহাতে ঘৰৱা দলৰ ইনিংছ সমাপ্তিৰ পিচতেই আলহী দল ভাৰতে আৰম্ভ কৰে প্ৰথম ইনিংছ।

দিনান্তত ৰোহিত বাহিনীয়ে বিনা উইকেটৰ বিনিময়ত ৮০ ৰানত বেটিঙ কৰি আছে। বাতৰি লিখা পৰলৈকে অ'পেনাৰদ্বয় অধিয়ানক ৰোহিত শৰ্মা ৩০ আৰু টেষ্ট ক্ৰিকেটৰে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটা যশস্বী জয়ছোৱালে ৪০ ৰানত অৰপাজিত হৈ আছে।

Also Read: নিশা মহানগৰীৰ ৰাজপথত সুন্দৰীৰ তাণ্ডৱ

cricket ravichandran ashwin