/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3f57068f-0f80-487b-906f-a2ad10e2ca90/virat.jpg)
ডিজিটেল ডেস্ক : বিদেশৰ মাটিত বেটে-বলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে ভাৰতীয় ক্ৰিকেট দলে। ৩ দিনতে সমাপ্ত ভাৰত ৱেষ্ট-ইণ্ডিজৰ মাজত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ। ঘৰৰ মাটিত নিৰ্লজ্জ আত্মসমৰ্পন কেৰেবিয়ান দলৰ। বিপৰিতে আধিপত্য বিস্তাৰ ৰোহিত বাহিনীৰ।
এই বিজয়ৰ মূলতে ভাৰতীয় অ'পেনিঙ যুটিৰ সুদৃঢ় ভেটি স্থাপন। দীৰ্ঘদিনৰ পিচত বেটত ৰান পাইছে অধিনায়ক ৰোহিত শৰ্মাই। ইফালে সুযোগৰ সদব্যৱহাৰ যশস্বী জয়ছোৱালৰ। অভিষেক টেষ্ট মেচতেই শতক অৰ্জন কৰি উজলি উঠে প্ৰতিভাৱান ক্ৰিকেটাৰজন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/73228bac-de76-4afb-854a-51fba7c25daa/361097976_658622742961786_5813769053258066464_n.jpg)
ৰোহিত শৰ্মাৰ সংগী হিচাপে দলৰ হৈ অ'পেনিঙ কৰাৰ সুযোগ লাভ কৰে জয়ছোৱালে। নিৰ্বাচক তথা অনুৰাগীক নিৰাশ নকৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে ৰাজস্থান ৰয়েলছৰ তাৰকা খেলুৱৈগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4803646e-ebfd-47f7-ace9-e3fddefc99ee/359819414_658621539628573_8454858905876575615_n.jpg)
অ'পেনিঙ যুটি ৰোহিত-জয়ছোৱালৰ শতকৰ সহায়ত দলৰ ভেটি মজবুত হয়। ৰোহিত শৰ্মা পেভিলিয়নমুখি হোৱাৰ পিচতে ক্ৰিজলৈ অহা শুভমন গীল ব্যৰ্থ হ'লেও অভিজ্ঞ বিৰাট কোহলিয়ে ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে। ইফালে কেৰেবিয়ান ভূমিৰ স্পীন সহায়ক পিটচত দপদপনি ভাৰতীয় স্পীন যুটি ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাৰ। ভাৰতীয় স্পীনাৰদ্বয়ৰ বলিঙ আক্ৰমত দিশহাৰা ঘৰুৱা দল ৱেষ্ট-ইণ্ডিজ।
প্ৰথম আৰু দ্বিতীয় দুয়োটা ইনিংছতে ব্যৰ্থ ঘৰুৱা দলটোৰ বেটছমেন। দুয়োটা ইনিংছতে ৱেষ্ট-ইণ্ডিজৰ আটাইকেইটা উইকেটৰ পতন। প্ৰথম ইনিংছত ১৫০ আৰু দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে মাত্ৰ ১৩০ ৰান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dbf5a0ec-5654-4aff-8104-9af1b7f7a1cb/CRICKET_AUS_IND_48_1689116274452_1689116288719.webp)
আনহাতে ভাৰতে প্ৰথম ইনিংছ খেলিয়েই ৪২১ ৰানৰ পাহাৰ গঢ়ে। উল্লেখ্য যে, মেচৰ প্ৰথম দিনটোত ঘৰুৱা দলটোৱে আটাইকেইটা উইকেটৰ বিনিময়ত ১৫০ ৰান সংগ্ৰহ কৰিছিল। ইফালে উক্ত দিনাই ভাৰতে প্ৰথম ইনিংছ খেলাৰ সুযোগ লাভ কৰিছিল।
মেচৰ দ্বিতীয় দিনা ৰোহিত-জয়ছোৱালৰ শতৰানেৰে দলৰ ভেটি সুদৃঢ় কৰে। তৃতীয় দিনা ভাৰতে ৪২১ ৰানত প্ৰথম ইনিংছ সমাপ্তি কৰাৰ পিচতে ৱেষ্ট-ইণ্ডিজে দ্বিতীয় ইনিংছ আৰম্ভ কৰে যদিও ত্ৰাস সৃষ্টিকাৰী অশ্বিনৰ স্পীন আক্ৰমণত তিষ্ঠিব নোৱাৰি ১৩০ ৰানত আটাইকেইটা উইকেটৰ পতনৰ লগে লগে অন্ত পৰে প্ৰথমখন টেষ্টৰ। ফলাফল এক ইনিংছ আৰু ১৪১ ৰানৰ বিশাল ব্যৱধানত জয়ী আলহী দল ভাৰত।
Also Read: চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন