ৰোহিত-জয়ছোৱালৰ শতক : ভাৰতৰ বৃহৎ অগ্ৰগতি

ৰোহিত-জয়ছোৱালৰ শতক : ভাৰতৰ বৃহৎ অগ্ৰগতি

author-image
Asomiya Pratidin
New Update
ৰোহিত-জয়ছোৱালৰ শতক : ভাৰতৰ বৃহৎ অগ্ৰগতি

ডিজিটেল ডেস্ক : অভিষেক মেচতে প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক অৰ্জন। ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত তেওঁ এই কৃতিত্ব অৰ্জন কৰে।

Advertisment

কিছুদিন পূৰ্বে পূৰ্ণাংগ শৃংখলা খেলাৰ উদ্দেশ্যে ৱেষ্ট-ইণ্ডিজলৈ বুলি উৰা মাৰিছিল টীম ইণ্ডিয়া। দেশখনত টেষ্ট-এদিনীয়া আৰু টী-২০ শৃংখলা খেলিব ভাৰতে। এই ভ্ৰমণসূচী অনুসৰি ১২ জুলাইৰ পৰা আৰম্ভ হৈছে শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ।

মেচৰ প্ৰথম দিনাৰ পৰাই আলহী দল ভাৰতে সুন্দৰ আৰম্ভণি কৰে। দ্বিতীয় দিনা ভাৰতৰ অ'পেনিঙ যুটি ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে। অৱশ্যে দীৰ্ঘদিনৰ মূৰত দীঘলীয়া ইনিংছ খেলা অধিনায়ক ৰোহিত শৰ্মা ১০৩ৰান কৰি পেভিলিয়নমুখী হয়।

আনহাতে আনগৰাকী অ'পেনাৰ জয়ছোৱালে বিৰাট কোহলিক সংগী হিচাপে লৈ ১৪৩ ৰানত বেটিং কৰি আছে। বাতৰি লিখা পৰলৈকে ভাৰতে সংগ্ৰহ কৰিছে ২ উইকেটৰ বিনিময়ত ৩১২ ৰান।

ক্ৰিজত আছে কোহলি ৩৬ ৰান আৰু জয়ছোৱাল ১৪৩ ৰান। দুই নম্বৰ স্থানত বেট ধৰিবলৈ অহা শুভমন গীলে মাত্ৰ ৬ ৰান কৰি বিদায় লয়। উল্লেখ্য যে ভাৰতৰ স্পীন আক্ৰমণত তিষ্ঠিব নোৱাৰা ঘৰুৱা দলটোৱে প্ৰথম দিনাই ১৫০ ৰানত আটাইকেইটা উইকেট হেৰুৱাইছিল।

Also Read: ৰাঙলুত কৃতি ছাত্ৰৰ সম্বৰ্ধনা অনুষ্ঠান

cricket india