/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/415651ec-1812-4144-be9b-6d7c1a83d27f/ranglu1.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদত শুকুৰবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদৰ প্ৰেক্ষাগৃহত আৰু সামাজিক অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদ,জিপকো',ফালাহ গ্ৰুপ অফ ইনষ্টিউটছ আৰু ৰাঙলুবাসী ৰাইজৰ তৰফৰ পৰা অঞ্চলটোৰ ২ কৃতি ছাত্ৰ আদিলুৰ ৰহমান আৰু আল আমিনক সম্বৰ্ধনা জনোৱা হয়।
উল্লেখ্য যে আদিলুৰ ৰহমানে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ বিপৰীতে আল আমিনে নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা তথা সমাজসেৱক চিৰাজউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত আমচুৰ কেন্দ্ৰীয় উপ-সভাপতি মোচাৰফ হোছেইন কবিৰ, কেন্দ্ৰীয় সহঃ সম্পাদক আব্দুল ৰহিমস,নগাঁও জিলা সমিতিৰ সহঃ সম্পাদক ৰেজাউল হুছেইনৰ লগতে অঞ্চলটোৰ ভালেকেইগৰাকী শিক্ষক আৰু অভিভাৱক উপস্থিত থাকে।
উক্ত অনুষ্ঠানত দুয়োগৰাকী কৃতি ছাত্ৰক মানপত্ৰ,গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে আমচু আৰু এ পি জে আব্দুল কালাম বিদ্যাপীঠৰ তৰফৰ পৰাও আদিলুৰ ৰহমানক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত কৃতী ছাত্রদ্বয়ক অভিনন্দন আৰু আশীৰ্বাদ সূচক বক্তব্য প্ৰদান কৰে অৱসৰ প্ৰাপ্ত শিক্ষক বাছেদ আলী,অশ্বিনী কুমাৰ পাল,ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি আবু বক্কৰ ছিদ্দিক আদিয়ে।
Also Read: ভূটানে এৰিছে পানী : মানাহ,বেকী,পাগলাদিয়া আৰু বৰনদীৰ জলস্তৰ বৃদ্ধি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us