নায়ক সঞ্জু ছেমছন : গৃহভূমিত অসহায় দক্ষিণ আফ্ৰিকা,ভাৰতৰ শৃংখলা দখল

নায়ক সঞ্জু ছেমছন : গৃহভূমিত অসহায় দক্ষিণ আফ্ৰিকা,ভাৰতৰ শৃংখলা দখল

author-image
Asomiya Pratidin
New Update
নায়ক সঞ্জু ছেমছন : গৃহভূমিত অসহায় দক্ষিণ আফ্ৰিকা,ভাৰতৰ শৃংখলা দখল

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰৰ দিনটো যেন তেওঁৰ বাবেই আছিল। গুৰুৰো কৃপাদৃষ্টি তেওঁৰ ওপৰতেই আছিল। কাৰ্যতঃ জাতীয় দলত প্ৰত্যাৱৰ্তনৰ সুযোগ লাভ কৰিয়েই সঞ্জু ছেমছনে দেশবাসীক দিলে দৰ্শনীয় শতক।

Advertisment

দক্ষিণ আফ্ৰিকাৰ ভূমিত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ অন্তিমখন মেচ আছিল গুৰুত্বপূৰ্ণ। কিয়নো তিনিখনীয়া শৃংখলাত ইতিমধ্যে দুয়ো দলে ১-১ৰ সমতা স্থাপন কৰিছিল। বৃহস্পতিবাৰে অনুষ্ঠিত অন্তিমখন মেচ সেয়ে দুয়ো দলৰ বাবে আছিল গুৰুত্বপূৰ্ণ।

মেচখনত পোনতে আলহী দল ভাৰতে বেটিং কৰি নিৰ্ধাৰিত অ'ভাৰত ৮ উইকেটৰ বিনিময়ত ২৯৬ ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে সঞ্জু ছেমছনৰ দৰ্শনীয় শতক। তেওঁ ১১৪ বলত ৬টা বাউণ্ডেৰী আৰু ৩টা অ'ভাৰ বাউণ্ডেৰীৰে ১০৮ ৰান সংগ্ৰহ কৰে। ইয়াৰোপৰি তিলক বাৰ্মাই ৫২ আৰু ৰিংকু সিঙে ৩৮ ৰানৰ বৰঙণি যোগায়।

ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ গৈ ঘৰুৱা দল দক্ষিণ আফ্ৰিকা অসহায় হৈ পৰে। ঘৰুৱা দলটোৰ মূৰৰ কামোৰণিসদৃশ অৰ্শদ্বীপ সিঙে দলটোৰ উইকেট তাচপাতৰ দৰে খহাই দিয়ে।

তেওঁ লাভ কৰে ৪টা উইকেট। আনহাতে বাকীসকল বলাৰৰ নিয়ন্ত্ৰিত বলিঙত তিষ্ঠিব নোৱাৰি ঘৰুৱা দলটোৱে ২১৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। এই জয়ৰ সুবাদতে ভাৰতে ২-১ৰ ব্যৱধানত শৃংখলা দখল কৰে।

Also Read: শিলচৰত বছৰযোৰা কাৰ্যসূচীৰে ছহিদ কনকলতাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি

IND VS SA Sanju Samson cricket