/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0b20ff46-fda0-4c38-8a69-e07ba04e5727/474.jpg)
ডিজিটেল সংবাদ,শিলচৰ : আজি ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিলচৰতো বছৰযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই জন্ম শতবাৰ্ষিকী।
কনকলতাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শিলচত শুকুৰবাৰে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ উদ্যোগত ক্লাৱ ৰোডৰ পৰা শোভাযাত্ৰা উলিয়াই শিলচৰ চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি ৰাংগিৰখাৰীলৈ যায়।
শোভাযাত্ৰাত বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে কেবাটাও দল-সংগঠনে অংশগ্ৰহণ কৰে। আজিৰে পৰা আৰম্ভ হোৱা এই জন্ম শতবাৰ্ষিকী অহা বছৰ ২২ ডিচেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব।
কনকলতাৰ দেশপ্ৰেম, ত্যাগ আৰু আদৰ্শ চহৰে-নগৰে প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে।