মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ, গ্ৰেপ্তাৰ তিনি কেচিপি উগ্ৰপন্থী...

মণিপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ, গ্ৰেপ্তাৰ তিনি কেচিপি উগ্ৰপন্থী...

মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ, গ্ৰেপ্তাৰ তিনি কেচিপি উগ্ৰপন্থী...

ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। এনে অভিযানৰ মাজতে বিষ্ণুপুৰ জিলাৰ তেৰাখংশ্বাংবি এলেকাৰ‌ চনথং গাঁৱত নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে।

Advertisment

অভিযান কালত ১টা পম্পি মৰ্টাৰ, মেগজিনৰ‌ সৈতে ১টা SMG কাৰবাইন, মেগজিনৰ সৈতে ১টা পইণ্ট থ্ৰী জিৰো থ্ৰী ৰাইফল, ১.৫ কিলোগ্ৰাম ওজনৰ‌ ১টা আই ই ডি, কভাৰৰ সৈতে ২টা শ্বেল ম'ৰ্টাৰ, ৫ টা 36 HE গ্ৰেণেড, ৬ ডাল ডিটনেটৰ‌সহ আৰু বহুতো বিস্ফোৰক‌ সামগ্ৰী জব্দ কৰে।

ইফালে, উগ্ৰপন্থী বিৰোধী অভিযান চলাই কাকচিং জিলাৰ পাংগনটাবি অঞ্চলৰ পৰা নিষিদ্ধ সংগঠন 'কে চি পি'ৰ তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে।ধৃত উগ্ৰপন্থী কেইজন থোকচোম চনো ওৰফে আমুজাও সিং, লাইশ্ৰম বীৰদিনা মেইটেই আৰু খুন্দৰ কপাম ৰজিত সিং ওৰফে‌ ৱাশ্বিংটন।

তিনিও উগ্ৰপন্থী বিভিন্ন ধন দাবীৰ সৈতে জড়িত আছিল। উগ্ৰপন্থী কেইটাৰ পৰা এখন চাৰিচকীয়া বাহন‌ আৰু তিনিটা মোবাইল ফোনো জব্দ কৰা হৈছে।

Also Read: কাজিৰঙাত বিলাসী ৰিজ'ৰ্ট নিৰ্মাণৰ বাবে এফালৰ পৰা ভাঙিছে কৃষকক বাসগৃহ...

মণিপুৰ