মহিলা বিশ্বকাপত ফাইনেলত প্ৰৱেশ ভাৰতৰ

ছেমি ফাইনেলত ভাৰতৰ হৈ প্ৰাচভি চোপ্ৰাই ৩টাকৈ উইকেট দখল কৰি প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰে

author-image
Asomiya Pratidin
New Update
মহিলা বিশ্বকাপত ফাইনেলত প্ৰৱেশ ভাৰতৰ

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডক হৰুৱাই অনূৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপত ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। অনূৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে নিৰ্ধাৰিত অভাৰত ১০৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

Advertisment

প্ৰত্যুত্তৰত ভাৰতে ২টা উইকেটৰ বিনিময়ত শ্বেতা শ্বেহৰৱাটৰ অৰ্ধশতকৰ সহায়ত ১১০ ৰান সংগ্ৰহ কৰি বিজয় লক্ষ্যত উপনীত হয়। ফলত বিশ্বকাপৰ পৰা বিদায় লয় নিউজিলেণ্ডে।

আনহাতে ভাৰতে ফাইনেললৈ যোৱাৰ পথ মুকলি কৰে। দেওবাৰে ফাইনেলত ভাৰত ইংলেণ্ডৰ মুখামুখি হ'ব। ছেমি ফাইনেলত ভাৰতৰ হৈ প্ৰাচভি চোপ্ৰাই ৩টাকৈ উইকেট দখল কৰি প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰে।

আৰু পঢ়কঃ বিশিষ্ট শিক্ষক,শিল্পী শুভাৰাম হাজৰিকাৰ মৃত্যু

bcci cricket world cup u19 t20