বিশিষ্ট শিক্ষক,শিল্পী শুভাৰাম হাজৰিকাৰ মৃত্যু

বিশিষ্ট শিক্ষক,শিল্পী শুভাৰাম হাজৰিকাৰ মৃত্যু
বিশিষ্ট শিক্ষক,শিল্পী শুভাৰাম হাজৰিকাৰ মৃত্যু

ডিজিটেল সংবাদ,‌মঙলদৈঃ বিশিষ্ট শিক্ষক,শিল্পী শুভাৰাম হাজৰিকাৰ মৃত্যু। তেওঁ আছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত, শিল্পী ভূষণ সন্মান প্ৰাপক, অনাতাঁৰ শিল্পী, দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লোকশিল্পী অভিনেতা,দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ),দেওমৰনৈ স্নাতক মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিস্থাপক সভাপতি, বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এগৰাকী সমাজ সংগঠক ।

দেওমৰনৈ বৰেৰী নিবাসী শুভাৰাম হাজৰিকা শুক্ৰবাৰে গধূলি প্ৰায় ৭ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। শুভাৰাম হাজৰিকা কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল। ঘৰতে থাকি চিকিৎসা কৰি থকা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দিনৰ ভাগত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সন্ধিয়া হাজৰিকাৰ মৃত্যু ঘটে।

মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭৮বছৰ। বিশিষ্ট শিক্ষক, শিল্পী তথা সমাজ সংগঠন হাজৰিকাৰ মৃত্যুৰ বাতৰিত দৰং জিলা সাহিত্য সভা, মঙলদৈ জিলা মইনা পাৰিজাত, সদৌ দৰং জিলা ছাত্ৰ সন্থা,আন্ত মঙলদৈ ছাত্ৰ সন্থা ,দৰং জিলা কলিতা জনগোষ্ঠী সন্মীলন,মঙলদৈ প্ৰেছ ক্লাব,দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ) দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ আদি বহু অনুস্থান প্ৰতিস্থানে শোক প্ৰকাশ কৰে।

মৃত হাজৰিকাৰ নশ্বৰ দেহ দেওমৰনৈ বৰেৰীৰ নিজ বাসগৃহত ৰাখি শনিবাৰে বিভিন্ন অনুষ্ঠান প্ৰতিস্থান, ব্যক্তিয়ে শেষ শ্ৰদ্ধা তৰ্পণ কৰাৰ অন্তত শেষ কৃত কৰিব বুলি পৰিয়ালৰ লোকে জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in