/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f1d5a919-fd77-4f6e-9fd8-e42ee13c107d/a1.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি তিনিখন মেচৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ শৃংখলাৰ অন্তিমখন মেচ অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব টি-২০ শৃংখলাৰ নিৰ্ণায়ক খেলখন। শৃংখলা দখলৰ লক্ষ্যৰেই আজি ষ্টেডিয়ামত হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন যুৱ ভাৰতীয় দলটো অৱতীৰ্ণ হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে।
ইতিমধ্যে দ্বিতীয়খন টি-২০ত বেটিং অনূকূল পিটচত এক কঠিন পৰিশ্ৰমৰ অন্তত নিউজিলেণ্ড দলটোক পৰাস্ত কৰি যথেষ্ট আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো।
মন কৰিবলগীয়া যে, শৃংখলা দখলৰ বাবে দুয়োটা দলৰ বাবেই এই অন্তিমখন মেচত জয় লাভ কৰাটো হৈ পৰিছে অপৰিহাৰ্য। তিনিখন মেচৰ এই টি-২০ শৃংখলাত ১-১ ব্যৱধানত উপনীত হৈ আছে দুয়োটা দল।
উল্লেখ্য যে, নিউজিলেণ্ডৰ হাতত প্ৰথমখন টি-২০ মেচত ২১ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় ক্ৰিকেট দলটো। অৱশ্যে দ্বিতীয়খন মেচত এক শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ অন্তত ১৯.৫ অভাৰত ৬ উইকেটত নিউজিলেণ্ডক পৰাস্ত কৰি শৃংখলাখনত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন ভাৰতীয় দলটোৱে।
টি-২০ শৃংখলাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাত ৰোহিত নেতৃত্বাধীন ভাৰতীয় দলটোৱে কিৱি বাহিনীক ৱাইট ৱাছ কৰি শৃংখলা নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/dc5111c0-8c1b-4542-903f-4940f65af443/thequint_2022_11_51093704_22d3_4342_9ecc_f8e005114984_30111_ap11_30_2022_000004b.avif)