ওৰাঙত অসম ভিত্তিত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা

অসম ক্ৰিকেট সন্থাৰ স্বীকৃতিপ্ৰাপ্ত জিলা ক্ৰিকেট সন্থাৰ অধীনস্থ জেনিথ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে ওৰাং প্ৰিমিয়াৰ

author-image
Asomiya Pratidin
New Update
ওৰাঙত অসম ভিত্তিত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা

ওৰাঙত অসম ভিত্তিত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ,ওৰাঙঃঅসম ক্ৰিকেট সন্থাৰ স্বীকৃতিপ্ৰাপ্ত জিলা ক্ৰিকেট সন্থাৰ অধীনস্থ জেনিথ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে ওৰাং প্ৰিমিয়াৰ টি-২০ ক্ৰিকেট প্ৰতিযোগিতা। মঙ্গলবাৰে ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা ডিগ্ৰী কলেজ খেলপথাৰত বি টি চিৰ পাচলৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ(MCLA) দীপক মৌৰে প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে।

উদ্বোধনী খেলখন গুৱাহাটীৰ ৰাইজিং ১১ বনাম পলো ক্লাব তেজপুৰৰ মাজত অনুষ্ঠিত হয়। সমগ্ৰ অসমৰ ২০ টাৰো অধিক দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

আৰু পঢ়কঃ Soldiering for Democracy - গণতন্ত্ৰৰ ৰণুৱা

assam cricket association cricket