/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/28c69633-a001-4d2d-9748-5822cf336d98/pandya.jpg)
ডিজিটেল ডেস্কঃ ধাৰাবাহিকতাৰ যেন যতি পৰিছিল ৰাঁচীত। স্তিমিত হৈ পৰিছিল টীম ইণ্ডিয়াৰ অশ্বমেধ। ঘৰৰ মাটিত শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল কৰাৰ পাছত টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ধৰাশায়ী হাৰ্ডিক পাণ্ডিয়াৰ সেনা। আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত নিৰ্লজ্জ আত্মসমৰ্পণ ভাৰতীয় ক্ৰিকেট দলৰ।
নিউজিলেণ্ডৰ বলিং শক্তিয়ে খহাই পেলাইছিল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটিং লাইন আপ বুলি পৰিচিত ভাৰতৰ বেটিং লাইন আপ। পেভিলিয়নমুখী হৈছিল এজন এজনকৈ তাৰকা বেটছমেন।
ঘটি যোৱা সকলো ভুলৰ পৰা শিক্ষা লৈ দেওবাৰে নিউজিলেণ্ডৰ সন্মুখত থিয় হ'ব ভাৰতীয় দল। প্ৰত্যাৱাৰ্তনৰ বাবে সাজু প্ৰতিগৰাকী ক্ৰিকেটাৰ। তিনিখনীয়া শৃংখলাৰ বাকী দুখন জয়ী হ'ব পাৰিলেই শৃংখলা ভাৰতৰ দখলত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/6dbdc923-f2ee-447f-a146-3646e6c1284a/s9abbagg_hardik_pandya_in_press_conference_bcci_625x300_08_January_23.webp)
সুযোগৰ সদব্যহাৰৰ অপেক্ষাত পাণ্ডিয়া বাহিনী। বিপৰীত দল নিউজিলেণ্ডক সহজভাৱে নলয় ভাৰতীয় দলে। বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে ভাৰতীয় শিবিৰে। বাকী থকা দুখন মেচত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল কৰিব বিচাৰে পাণ্ডিয়া নেতৃত্বাধীন ভাৰতে।
ইফালে শৃংখলা হেৰুৱাব নিবিচাৰে কিৱিয়ে। সম্প্ৰতি সুন্দৰ ফৰ্মত আছে দলৰ প্ৰায় সংখ্যক খেলুৱৈ। বেটত ৰান পাইছে অপেনিং বেটাৰ ডেভিড ক'নৱে। গতিকে আজিৰ এই মেচখন দুয়ো দলৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো ১-০ত আগবাঢ়ি আছে আলহী দল নিউজিলেণ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5c781083-3a20-42e0-a771-ebaeb1283d8f/india_vs_new_zealand_1st_t20_live_score_1674837921.avif)
আজিৰ মেচখনত জয়ী হ'ব পাৰিলেই শৃংখলা দখল কৰিব কিৱিয়ে। আনহাতে টীম ইণ্ডিয়া জয়ী হ'লে ১-১ৰ সমতা স্থাপন কৰিব ঘৰুৱা দলটোৱে। খেলৰ সময় সন্ধিয়া ৭-০০ বজাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/73be9dcd-cfec-4c75-ac3f-acf4d09656cd/1558089_11.avif)