শিশুও বাদ পৰা নাই ৰাছিয়াৰ যুদ্ধৰ লালসাৰ পৰা...

শিশুও বাদ পৰা নাই ৰাছিয়াৰ যুদ্ধৰ লালসাৰ পৰা...

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বত যুদ্ধ নীতি অনুসৰি মহিলা, শিশু, ৰোগী অথবা নিৰস্ত্ৰ লোকক যুদ্ধৰ আওতালৈ অনা নহয় কোনো পধ্যেই । কিন্তু বিশ্বৰ অন্যতম শক্তি ৰাছিয়াই পৰিহাৰ কৰিছে এই যুদ্ধ নীতি । চলে বলে কৌশলে কেৱল ইউক্ৰেইন দখলৰ সপোন পুটিনৰ । তাৰ বাবে যিকোনো জঘন্য পদক্ষেপ ল'বলৈও কুন্ঠাবোধ নকৰে ৰাছিয়ান সেনাই ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, শেহতীয়াকৈ ৰাছিয়াৰ চকু ইউক্ৰেনিয়ান শিশু সকলৰ ওপৰত । ইউক্ৰেইনৰ বহু শিশুক ইতিমধ্যেই অপহৰণ কৰি প্ৰেৰণ কৰা হৈছে ৰাছিয়ালৈ । শিশুসকলক বিনা দ্বিধাই প্ৰদান কৰিছে পাছপ'ৰ্ট, প্ৰত্যেকটি শিশুক থাকিবলৈ দিয়া হৈছে একোখন ঘৰ । কিন্তু ই মানৱীয়তাৰ খাতিৰত নহয় ।

কিয়নো যুদ্ধনীতি অনুসৰি, যুদ্ধৰ অন্ত নপৰালৈ অনাথ শিশু সকলক এক নতুন ৰাষ্ট্ৰৰ নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰি । বহু সময়ত বহু শিশুৰ অভিভাৱক অথবা পৰিয়ালৰ আন কোনো লোক জীৱিত অৱস্থাত থাকিব পাৰে, তেনেস্থলত কোনো খোজ খবৰ নকৰাকৈ শিশু এটিক আন এখন ৰাষ্ট্ৰলৈ লৈ গৈ এটি অচিনাকী পৰিয়ালৰ হাতত গতাই দিয়াটো নিশ্চয়কৈ মানৱীয়তা নহয় ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ৰাছিয়াত প্ৰায় ৩০ লাখ গৃহহীন ইউক্ৰেনিয়ান প্ৰত্যক্ষ কৰা হৈছে । এই শৰণাৰ্থী সকলৰ কিমান সংখ্যক কেৱল শিশু সেইয়া অৱশ্যে এতিয়ালৈ স্পষ্ট হৈ উঠা নাই ।

আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ মুখ্য সচিবৰ মন্তব্য অনুসৰি, ২০২৩ বৰ্ষৰ জানুৱাৰী মাহতেই ১৪ হাজাৰ ইউক্ৰেনিয়ান শিশুক অপহৰণ কৰি ৰাছিয়ালৈ প্ৰেৰণ কৰিছিল ৰাছিয়ান সেনাই ।

উল্লেখ্য যে, এই ঘটনা আৰম্ভ হৈছিল বিগত বৰ্ষৰ জুলাই মাহত । কেৱল এটা মাহতেই ১০ হাজাৰ শিশু গড় হিচাপত অনুমান কৰিলেও প্ৰায় ৭০ হেজাৰ শিশু ! এই পৰিসংখ্যা বৃদ্ধি হৈ ১ লাখ হোৱাটোও কোনো অস্ৱাভাৱিক ঘটনা নিশ্চয় নহ'ব ।

এতিয়া প্ৰশ্ন হয়, এই যুদ্ধনীতি ভংগ কৰি এক ঘৃণনীয় অপৰাধ সংঘটিত কৰাৰ পাছতো কিয় নিশ্চুপ সমগ্ৰ বিশ্ব ? বাৰে বাৰে বিশ্বশক্তি সমূহৰ সন্মুখত নতশিৰ হ'বলৈ হ'লে আগন্তুক সময়ত কোনো অসৰ্তক মূহুৰ্তত পাৰমাণৱিক বোমাই এখন দেশ তিলিকতে ধ্বংস কৰি দিলেও নীৰৱে ৰ'ব লাগিব বিশ্ববাসী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in