ধৰাশায়ী নিউজিলেণ্ড,শৃংখলা দখল ভাৰতৰ

শৃংখলা দখল ভাৰতৰ
শৃংখলা দখল ভাৰতৰ

ডিজিটেল ডেস্কঃ সম্প্ৰতি ভাৰতীয়ৰ ক্ৰিকেট দলৰ জয়ৰ অশ্বমেধ অপ্ৰতিৰোধ্য। ঘৰৰ মাটিত বীৰত্ব প্ৰদৰ্শন ৰোহিত বাহিনীৰ। ভাৰত ভ্ৰমণলৈ অহা শ্ৰীলংকাক ধৰাশায়ী কৰি শৃংখলা দখল কৰাৰ পাছত তাৰ পুনৰাবৃত্তি নিউজিলেণ্ডৰ লগত।

শ্ৰীলংকাৰ দৰে যেন একেই দশা আলহী দল নিউজিলেণ্ডৰ। প্ৰথমখন এদিনীয়াত পৰাস্ত হ'লেও যুঁজাৰু মানসিকতাৰ পৰিচয় দিয়া নিউজিলেণ্ডে ভাৰতৰ বলিং আক্ৰমণত দ্বিতীয়খন এদিনীয়াত সহজে আত্মসমৰ্পণ কৰে। ১০৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই আলহী দলটোৱে। কোনো এগৰাকী বেটাৰে ভাৰতীয় বলৰাক প্ৰত্যাহ্বান জনাব নোৱাৰিলে।

টছত জয়ী হৈ ভাৰতে ফিল্ডিং কৰে। প্ৰথম ইনিংছত নিউজিলেণ্ডে ঘৰুৱা দলটোক জয়ৰ বাবে ১০৯ ৰানৰ সহজ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যত্তৰত ভাৰতে ৰোহিত শৰ্মাৰ অৰ্ধশতকৰ সহায়ত ২০.১ অভাৰত ১১১ ৰান সংগ্ৰহ কৰি ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰে। ভাৰতৰ হৈ মহম্মদ চামীয়ে ৩টা উইকেট দখল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in