জীৱন সিংহ আহিল, পৰেশ বৰুৱা কেতিয়া আহিব ? মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে...

জীৱন সিংহ আহিল, পৰেশ বৰুৱা কেতিয়া আহিব ? মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে...
জীৱন সিংহ আহিল, পৰেশ বৰুৱা কেতিয়া আহিব ? মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে...

ডিজিটেল ডেস্কঃ শান্তি সকলোৰে কাম্য। শান্তি সকলোৱে বিচাৰে। এসময়ত অশান্ত জৰ্জৰ হৈ থকা উত্তৰ পূৰ্বাঞ্চলত লাহে লাহে শান্তিৰ পৰিৱেশ ঘূৰি আহিছে।

এটাৰ পিছত এটাকৈ প্ৰায়বোৰ নিষিদ্ধ ঘোষিত সংগঠন মূল সুঁতিলৈ ঘূৰি আহিছে। এন ডি এফবিৰ পিছত শেহতয়ীকৈ কমতাপুৰ লিবাৰেশ্যন অৰগানাইজেশ্যন চমুকৈ কে এল অ'ৰ সৈতে আলোচনাৰ বাট মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

শান্তি আলোচনাৰ বাবে ম্যানমাৰৰ ঘন হাবিৰ পৰা নাগালেণ্ডৰ মন জিলাহৈ দিল্লীত উপস্থিত হ'লগৈ কে এল অ'ৰ মুৰব্বী জীৱন সিংহ। কে এল অ'ৰ মূল দাবী পৃথক কমতাপুৰ ৰাজ্য গঠনক কেন্দ্ৰই মানি লৈ পশ্চিমবংগ, অসমৰ কেইবাখনো জিলাক সামৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এনে পৰিস্থিতিত এতিয়া পুনৰ আলফাৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ বিষয়টো চৰ্চালৈ আহিছে। ইতিমধ্যে অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ এটা দলে কেন্দ্ৰৰ সৈতে আলোচনা প্ৰক্ৰিয়াৰ মাজত আৱদ্ধ হৈ আছে যদিও সেই আলোচনাই কোনো গতি লাভ কৰা নাই।

ইফালে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কিছু মন্তব্যই ৰাজ্যবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। মুখ্যমন্ত্ৰীৰ পৰেশ বৰুৱালৈ শান্তি আলোচনাৰ আহ্বান আৰু পৰেশ বৰুৱাৰ এই শান্তি আলোচনাৰ প্ৰতি যোগাত্মক সহাৰিয়ে শান্তি আলোচনাৰ বাট মুকলি হ'ব বুলি এক ধাৰণা গঢ় দিছিল।

কিন্তু এতিয়া প্ৰশ্ন হয়, কেতিয়া আলোচনাৰ মেজত বহিব পৰেশ বৰুৱা? কেতিয়া পৰেশ বৰুৱা জংঘলৰ পৰা উভতি আহিব? স্বাধীন অসমৰ দাবীত অলৰ অচৰ হৈ থকা পৰেশ বৰুৱাই সাৰ্বভৌমত্বক বাদ দি আলোচনাত বহিবনে?

এনে প্ৰশ্নৰ অৱশ্যে উত্তৰ একেবাৰো নোহোৱা হয়। পৰেশ বৰুৱাই সাৰ্বভৌমত্বক এৰি আলোচনাত নবহে বুলি স্পষ্ট মন্তব্য কৰিছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকৰ আগত এই বিষয়টো সন্দৰ্ভত মন্তব্য কৰিছে।

পৰেশ বৰুৱা কেতিয়া আলোচনাৰ মেজলৈ আহিব সেই বিষয়ে কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ''মই ভগৱান নহয়তো যে, মই ডেডলাইন দিম ৷ তেনে হিম্মত মোৰ নাই ৷ ৰাইজে আহ্বান কৰক পৰেশ বৰুৱাক যে 'সাৰ্বভৌমত্ব' আমাক নালাগে বুলি ৷ তেৱোতো ৰাইজৰ কথা শুনিব বিচাৰিছে ৷

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই, পৰেশ বৰুৱা ঘূৰি অহাৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমকো ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, অসমৰ ৰাইজে কি বিচাৰে সেয়া প্ৰকাশ কৰক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in