প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে ভাৰতৰ সন্মুখত নিউজিলেণ্ড

বিশ্ৰাম দিয়া হৈছে ৰোহিত,বিৰাট কোহলিৰ দৰে একাধিক জ্যেষ্ঠ ক্ৰিকেটাৰক
প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে ভাৰতৰ সন্মুখত নিউজিলেণ্ড
প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে ভাৰতৰ সন্মুখত নিউজিলেণ্ড

ডিজিটেল ডেস্কঃ সন্মুখত এদিনীয়া বিশ্বকাপ। এনে সময়ত কোনো জাতীয় ক্ৰিকেট দলৰ বাবে শৃংখলা হেৰুওৱাটো শুভলক্ষণ নহয়। কিন্তু ক্ৰিকেট হ'ল অনিশ্চিয়তাৰে ভৰা খেল। শেষ মূহুৰ্তলৈকে ধৰিব পৰাটো কঠিন যে কোনটো দল জয়ী হ'ব কোনটো দল পৰাজিত হ'ব।

বিশ্বকাপৰ প্ৰাক মূহুৰ্তত ভাৰতীয় ক্ৰিকেট দলে ঘৰৰ মাটিত শ্ৰীলংকা আৰু নিউজিলেণ্ডক এদিনীয়া শৃংখলাত পৰাস্ত কৰি অনুৰাগীৰ মনত এক আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে। নতুন বছৰৰ আৰম্ভণিতে ভাৰত ভ্ৰমণলৈ অহা শ্ৰীলংকা আৰু বৰ্তমান ভাৰততে থকা নিউজিলেণ্ডৰ বিপক্ষে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে এদিনীয়া শৃংখলা হস্তগত কৰিছে।

এদিনীয়া শৃংখলাৰ সমাপ্তিৰ পাছত শুকুৰবাৰে অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত টি-২০ শৃংখলা। এদিনীয়া শৃংখলাত ভাৰতৰ হাতত পৰাস্ত হোৱা আলহী দল নিউজিলেণ্ডে এই শৃংখলাত প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে খেলপথাৰত অৱৰ্তীৰ্ণ হ'ব দলটোৰ প্ৰতিগৰাকী খেলুৱৈয়ে। আনহাতে ধাৰবাহিক জয়ৰে শৃংখলা দখল কৰি প্ৰবল আত্মবিশ্বাসী ভাৰতীয় শিবিৰ।

আজিৰ পৰা আৰম্ভ হোৱা টি-২০ শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব হাৰ্ডিক পাণ্ডিয়াই। ইতিমধ্যে এই শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে ৰোহিত,বিৰাট কোহলিৰ দৰে একাধিক জ্যেষ্ঠ ক্ৰিকেটাৰক। খেলৰ সময় সন্ধিয়া ৭-০০ বজাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in