/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/291d8420-81b2-40ab-a608-6177605d2002/211.jpg)
ডিজিটেল ডেস্ক : আমিনগাওঁ ক্ৰিকেট গ্ৰাউণ্ডত কঠোৰ অনুশীলনৰ পিচত ভাৰতৰ সন্মুখত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইংলেণ্ডে। বৃহস্পতিবাৰে মাজনিশা গুৱাহাটীত উপস্থিত হৈয়ে কিছুসময় বিশ্ৰাম কৰি ইংলেণ্ডৰ খেলুৱৈসকলে শুকুৰবাৰে অনুশীলন আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/886a44f0-8518-40e6-af56-ff020cac3b4b/2b29c87f_9310_45ac_8115_19c15bcbb027.jpg)
বিপৰীতে ভাৰতীয় খেলুৱৈসকলৰ অধিকাংশই বিশ্ৰাম কৰে। অৱশ্যে ভাৰতৰ বাবে অনুশীলন বাধ্যতামূলক নাছিল। পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ উদ্দেশ্যেই ইংৰাজ বাহিনীয়ে কঠোৰ অনুশীলন কৰি শনিবাৰে বৰ্ষাপাৰৰ খেলপথাৰত অৱতীৰ্ণ হৈ বিশ্বকাপৰ বাবে টঙালি বান্ধিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/dcb03d90-cc2d-4921-82ab-13280afe1e9b/877c65a5_3bc9_4523_b41b_1dbd6db4ed1f.jpg)
ইতিমধ্যে আৰম্ভ হৈছে আই চি চি বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ প্ৰহৰ গণনা। মূল পৰ্বলৈ হাতত মাত্ৰ কেইটামান দিন থকা অৱস্থাতে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে প্ৰস্তুতি মেচ। দেশৰ আন আন চহৰৰ লগতে বৰ্ষাপাৰাতো ৪খন প্ৰস্তুতি মেচ অনুষ্ঠিত হ'ব। ইয়াৰে প্ৰথমখন মেচ শুকুৰবাৰে বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ যায়। য'ত বাংলাদেশে দৰ্শনীয় বিজয় সাৱ্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7512f6e8-cea0-4e54-a4bc-061a49dcb08f/4336d3f8_2c1d_4477_b4b0_a2872cadc6b6.jpg)
অন্যহাতে শনিবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব আয়োজক দেশ ভাৰত আৰু ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মাজৰ চতুৰ্থখন প্ৰস্তুতি মেচ। ইতিমধ্যে সম্পূৰ্ণ ৰূপে সাজু উভয় দল। তাৰকা সমৃদ্ধ দুই দেশৰ খেলুৱৈৰে ভৰি পৰিব বৰ্ষাপাৰা ক্ৰিকেট গ্ৰাউণ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b7cfa664-3487-40ec-9bd4-7b882fbeffc4/8a30121a_c971_48ae_a025_e053b6a726b8.jpg)
ৰোহিত শৰ্মা,বিৰাট কোহলি,হাৰ্ডিক পাণ্ডিয়া,কে এল ৰাহুল,ৰবীন্দ্ৰ জাডেজা, অশ্বিন তথা বাটলাৰ,বেন ষ্টোকছ,জ' ৰুট,লিভিংষ্টন,মঈন আলী আদি তাৰকাক ওচৰৰ পৰা স্বচক্ষে চোৱাৰ হেপাঁহত আনন্দ-উলাহে নধৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীৰ মন। ভাৰত-ইংলেণ্ডৰ মেচ উপভোগ কৰিবলৈ বহিঃৰাজ্যৰ পৰাও আহিছে দৰ্শক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/25c380b9-42f0-4046-8738-4e112899e66a/092bb1b2_50b7_4ddb_b503_a1a46a355b7a.jpg)
প্ৰস্তুতি মেচ হ'লেও যেন প্ৰতিগৰাকী দৰ্শকৰ মনত মূল মেচৰ সমানেই আনন্দ। বৰ্ষাপাৰা পৰাই আৰম্ভ হ'ব উভয় দলৰ বিশ্বকাপ জয়ৰ আখৰা। আত্মবিশ্বাস বঢ়োৱাত সহায়ক হ'ব এই মেচখন। ইতিমধ্যে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে বৰ্ষাপাৰা। মেচৰ সময়ঃ দিনৰ ২-০০ বজা।
Also Read: বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ