ধৰমশালাত ধৰাশায়ী ইংলেণ্ড : ৪-১ৰ ব্যৱধানত জয়ী ৰোহিত বাহিনী

এই শৃংখলাত ঘৰুৱা দলটোৰ ভালেকেইজন খেলুৱৈ উজলি উঠিবলৈ সক্ষম হয়। শুভমন গীল, জয়ছোৱাল, ধ্ৰুৱ জুৰেল, দেৱদত্ত পাডিকল, ছৰফৰাজ খান আদিৰ দৰে উদীয়মান খেলুৱৈসকলৰ উন্নতমানৰ প্ৰদৰ্শনে এই জয়ত উল্লেখনীয় ভূমিকা পালন কৰে
ধৰমশালাত ধৰাশায়ী ইংলেণ্ড : ৪-১ৰ ব্যৱধানত জয়ী ৰোহিত বাহিনী

ডিজিটেল ডেস্ক : দলটোত নাছিল গৰিষ্ঠসংখ্যক অভিজ্ঞ খেলুৱৈ। বিৰাট কোহলি, চেতেশ্বৰ পূজাৰা, ৰাহানে আদিৰ দৰে টেষ্ট ক্ৰিকেট বিজ্ঞ খেলুৱৈ অবিহনে যুৱ শক্তিৰে গঠিত ভাৰতীয় দলে দিলে টেষ্ট শৃংখলা জয়ৰ সোৱাদ।

ৰোহিত শৰ্মাৰ নেতৃত্বতে উদীয়মান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিপক্ষে ঘৰৰ মাটিত হস্তগত কৰিলে টেষ্ট শৃংখলা। আলহী দল ইংলেণ্ডৰ বিৰুদ্ধে ধৰমশালাত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচত ৩দিনতে ভাৰতে জয়লাভ কৰে।

উল্লেখযোগ্য যে এই শৃংখলাত ঘৰুৱা দলটোৰ ভালেকেইজন খেলুৱৈ উজলি উঠিবলৈ সক্ষম হয়। শুভমন গীল, জয়ছোৱাল, ধ্ৰুৱ জুৰেল, দেৱদত্ত পাডিকল, ছৰফৰাজ খান আদিৰ দৰে উদীয়মান খেলুৱৈসকলৰ উন্নতমানৰ প্ৰদৰ্শনে এই জয়ত উল্লেখনীয় ভূমিকা পালন কৰে। এই শৃংখলাতে জেমছ এণ্ডাৰছন আৰু অশ্বিনে নজিৰ স্থাপন কৰিবলৈ সক্ষম হয়। এণ্ডাৰছনে টেষ্ট কেৰিয়াৰত ৭০০ উইকেট দখল কৰাৰ লগতে অশ্বিনে ইংলেণ্ডৰ বিপক্ষে ১০০ উইকেট দখল কৰি এই কৃতিত্ব লাভ কৰে।

উল্লেখ্য যে, ধৰমশালাত অনুষ্ঠিত অন্তিমখন মেচত ভাৰতে এক ইনিংছ আৰু ৬৪ৰানৰ ব্যৱধানত জয়ী হয়। এই মেচখনত প্ৰথমে আলহী দলটোৱে বেট ধৰি প্ৰথম ইনিংছত সকলো উইকেট হেৰুৱাই ২১৮ ৰান সংগ্ৰহ কৰিছিল আৰু দ্বিতীয় ইনিংছত ১৯৫ ৰান কৰি পৰাজয়বৰণ কৰে।

আনহাতে ভাৰতে প্ৰথম ইনিংছতে ৪৭৭ ৰানৰ পাহাৰ গঢ়ি তুলিছিল। ভাৰতৰ এই পৰ্বতসম ৰান আছিল ইংলেণ্ডৰ বাবে দুসাধ্য । কিয়নো ভাৰতৰ স্পীন যাদুত দিশহাৰা হৈ পৰিছিল আলহী দলটো।

ভাৰতৰ হৈ প্ৰথম ইনিংছত কুলদীপে ৫ আৰু অশ্বিনে ৪টা উইকেট লাভ কৰিছিল। ইফালে দ্বিতীয় ইনিংছত অশ্বিনে ৫ আৰু কুলদীপে ২টা উইকেট দখল কৰে। জয়ছোৱাল শৃংখলাৰ শ্ৰেষ্ঠ হোৱাৰ বিপৰীতে কুলদীপে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

ধৰমশালাত ধৰাশায়ী ইংলেণ্ড : ৪-১ৰ ব্যৱধানত জয়ী ৰোহিত বাহিনী
আই পি এল আৰু আই চি চি টুৰ্ণামেণ্টৰ মাজৰ প্ৰাৰ্থক্য কি? ক'লে বিৰাট কোহলিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in