শতক বঞ্চিত ধ্ৰুৱ জুৰেল : ৩০৭ৰানত ঘৰুৱা দলৰ প্ৰথম ইনিংছ সমাপ্ত

দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিপৰ্যয়

author-image
Asomiya Pratidin
New Update
শতক বঞ্চিত ধ্ৰুৱ জুৰেল : ৩০৭ৰানত ঘৰুৱা দলৰ প্ৰথম ইনিংছ সমাপ্ত

ডিজিটেল ডেস্ক : ৰাঁচীৰ স্পীন বান্ধৱ পিটছত যশস্বী জয়ছোৱাল (৭৩) আৰু উইকেট ৰক্ষক বেটাৰ ধ্ৰুৱ জুৰেল (৯০)ৰ অৰ্ধশতকৰ সহায়ত সন্তোষজনক স্থিতিত উপনীত হৈছে ভাৰত। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচৰ প্ৰথম ইনিংছত তৃতীয় দিনা ৩০৭ ৰানত কেউটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰে।

Advertisment

ৰাঁচীৰ স্পীন বান্ধৱ পিটছৰ সুযোগ গ্ৰহণ কৰে ইংলেণ্ডৰ বলাৰসকলে। ছোহাইব বছিৰে লাভ কৰে ৫টা উইকেট। আনহাতে টম হাৰ্টলি ৩টা উইকেট দখল কৰে। ইফালে মেচৰ তৃতীয় দিনা আলহী দল ইংলেণ্ডে দ্বিতীয় ইনিংছ আৰম্ভ কৰি বিপৰ্যয়ৰ সন্মুখীন হয়।

ভাৰতীয় বলাৰৰ সন্মুখত থকা-সৰকা হয় ইংৰাজ বেটাৰসকল। বাতৰি লিখা পৰলৈকে কুলদীপ যাদৱে ৪ আৰু অশ্বিনে লাভ কৰে ৩টা উইকেট। সম্প্ৰতি আলহী দলটোৱে ৮টা উইকেট হেৰুৱাই ১৩৮ ৰানত বেটিং কৰি আছে।

Also Read: নগাঁৱত নুৰুল আমিন ইনড'ৰ ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

cricket test ind vs eng