নগাঁৱত নুৰুল আমিন ইনড'ৰ ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁৱত নুৰুল আমিন ইনড'ৰ ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱত নুৰুল আমিন ইনড'ৰ ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কেইবাটাও কাৰ্যসূচী লৈ দেওবাৰে নগাঁৱত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমে তেওঁ নগাঁও নুৰুল আমিন ইনড'ৰ ষ্টেডিয়াম মুকলি কৰে।

Advertisment

পৰৱৰ্তী সময়ত বেবেজীয়া একশৰণ ভাগৱতী সমাজৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশাল বাইক ৰেলীৰে দুপৰীয়া ১২-০০ বজাত নগাঁৱৰ লক্ষীনগৰত উপস্থিত হয়। নগাঁও চহৰৰ লক্ষ্মীনগৰত লোকনিৰ্মান বিভাগৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অন্তৰ্গত এটা পথৰ শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

তাতেই মাংগলিক অনুষ্ঠানৰ মাজেৰে শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, লোকনিৰ্মান বিভাগৰ জিলা অধীক্ষক প্ৰণৱ কুমাৰ ৰাভা, কাৰ্যবাহী অভিযন্তা মৃনাল বৰা, খালেক উদ্দিন আহমেদ, সহকাৰী কাৰ্যবাহী অভিযন্তা বীৰেন্দ্ৰ দাস, গোবিন্দ দত্ত কে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে।

Also Read: কাজিৰঙাত বিদেশী পৰ্যটকে দিলে চাইকেল চলোৱাৰ উপযোগিতাৰ বিৱৰণ

bebejiya himanta biswa sarma