টেনিছক বিদায় জনালে ৰাফেল নাডালে...

ডেভিছ কাপৰ ফাইনেলেই হ'ব অন্তিমখন মেচ

author-image
Asomiya Pratidin
New Update
টেনিছক বিদায় জনালে ৰাফেল নাডালে...

টেনিছক বিদায় জনালে ৰাফেল নাডালে...

ডিজিটেল ডেস্কঃ অহা ডেভিছ কাপেই হ'ব টেনিছ তাৰকা ৰাফেল নাডালৰ অন্তিম প্ৰতিযোগিতা। তাৰ পাছত আৰু টেনিছ ক'ৰ্টত নাডালক নেদেখিব অনুৰাগীসকসলে। ২২ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী টেনিছ তাৰকাগৰাকীয়ে অৱসৰ ঘোষণা কৰিছে।

Advertisment

উল্লেখ্য যে, নৱেম্বৰত মালগাত অনুষ্ঠিত হ'বলগীয়া ডেভিছ কাপৰ ফাইনেলত স্পেইনৰ হৈ অন্তিমখন মেচ খেলিব। এই কথা নাডালে নিজেই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এক ভিডিঅ' বাৰ্তাৰ নাডালে অৱসৰৰ কথা ঘোষণা কৰিছে।

বৃহস্পতিবাৰে নাডালে অৱসৰ ঘোষণা কৰি কয় সকলো আৰম্ভণিৰে অন্ত থাকে। মোৰ এই দীঘলীয়া আৰু সফল টেনিছ কেৰিয়াৰৰ অন্ত পেলাবলৈ এয়াই উপযুক্ত সময়। মোৰ অন্তিম প্ৰতিযোগিতা ডেভিছ কাপৰ ফাইনেল হ'ব সেয়ে মই অতি উৎসাহিত। মই পুনৰ এবাৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিম।

উল্লেখ্য যে, স্পেনিছ তাৰকা নাডালে কেৰিয়াৰত ২২ টাকৈ মেনছ ছিংগলছ গ্ৰেণ্ড শ্লেম জয় কৰিছে। ইয়াৰ ভিতৰত আছে ১৪ টাকৈ ফ্ৰেন্স অ'পেন টাইটেল। তাৰোপৰি তেওঁ কেৰিয়াৰত ৯২ এ টি পি লেভেল ছিংগলছ টাইটেল, ৩৬ মাষ্টাৰ টাইটেলছ আৰু অলিম্পিক পদকো জয় কৰিছে। কেৰিয়াৰ গ'ল্ডেন শ্লেম জয় কৰা তিনিগৰাকী টেনিছ তাৰকাৰ অন্যতম নাডাল।

ৰাফেল নাডাল টেনিছ