চাইবাৰ অপৰাধীৰ লক্ষ্য হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস

চাইবাৰ অপৰাধীৰ লক্ষ্য হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস

ডিজিটেল সংবাদ,নগাঁও : চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিছে এগৰাকী প্ৰশাসনিক বিষয়া ৷ তেওঁ হৈছে হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস। আয়ুক্ত দাসক লক্ষ্য কৰি লৈছে দুষ্ট চক্ৰই ৷

জানিব পৰা মতে সামাজিক মাধ্যম ফেচবুকত হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসৰ নামত খোলা হৈছে এটা একাউন্ট ৷ এই একাউন্টৰ পৰা বিভিন্ন লোকলৈ প্ৰেৰণ কৰা হৈছে বন্ধুত্বৰ প্ৰস্তাব ৷

আয়ুক্ত দাসে ইতিমধ্যে স্পষ্ট কৰিছে যে নিদিষ্ট একাউন্টতো ভুৱা বুলি ৷ কোনো দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্য কৰা বুলি স্পষ্ট কৰি লাচিত কুমাৰ দাসে উক্ত একাউন্টৰ বন্ধুত্বৰ প্ৰস্তাব গ্ৰহণ নকৰিবলৈ অনুৰোধ কৰিছে ৷

চাইবাৰ অপৰাধীৰ লক্ষ্য হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস
কোকৰাঝাৰত প্ৰাক-খ্ৰীষ্টমাছৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in