বিশ্বকাপ ২০২৩ঃ কেতিয়া ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিব টিকট, সৱিশেষ জানক...

আহি আছে আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ । ভাৰতত অনুষ্ঠিত হ'বলগীয়া এই খেলৰ বাবে ইতিমধ্যে দলসমূহে প্ৰস্তুতি চলাই আছে।

author-image
Asomiya Pratidin
New Update
বিশ্বকাপ ২০২৩ঃ কেতিয়া ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিব টিকট, সৱিশেষ জানক...

ডিজিটেল ডেস্কঃ আহি আছে আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ । ভাৰতত অনুষ্ঠিত হ'বলগীয়া এই খেলৰ বাবে ইতিমধ্যে দলসমূহে প্ৰস্তুতি চলাই আছে।

Advertisment

৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এই মেগা টুৰ্ণামেণ্টৰ মেচবোৰ ষ্টেডিয়ামত পোনপটীয়াকৈ চাবলৈ অনুৰাগীসকলে প্ৰথমে টিকটৰ বাবে পঞ্জীয়ন কৰিব লাগিব।

এই খেলৰ টিকটৰ বাবে ১৫ আগষ্টৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। ৰেজিষ্ট্ৰেশ্যনৰ পিছত অনুৰাগীসকলে টিকট পাবলৈ ২৫ আগষ্টলৈ অপেক্ষা কৰিব লাগিব। বিশ্বকাপ ২০২৩ৰ প্ৰথমখন খেল ৫ অক্টোবৰত নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোৱে ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপত তেওঁলোকৰ প্ৰথমখন খেল খেলিব।

আইচিচিয়ে নিৰ্ধাৰণ কৰা সময়সূচী অনুসৰি ভাৰতৰ ২ খন আছে। টীম ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ খেল ১৪ অক্টোবৰত হ'ব। খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

বিশ্বকাপত ভাৰতৰ খেলসমূহৰ টিকট ৩০ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰলৈ বিক্ৰী হ'ব। ইয়াৰোপৰি ছেমি ফাইনেল আৰু ফাইনেলৰ টিকট ১৫ ছেপ্টেম্বৰৰ পৰা ক্ৰয় কৰিব পাৰিব।

Also Read: স্বাধীনতা দিৱস উপলক্ষে বনভোজ খাবলৈ গৈছিল যুৱক, পথ দুৰ্ঘটনাত মৃত্যু...

ICC world cup