অপ্ৰতিৰোধ্য ৱাৰ্ণাৰ,স্মিথৰ বেটত ৰান : সন্তোষজনক স্ক'ৰৰ দিশে কেংগাৰু বাহিনী

অপ্ৰতিৰোধ্য ৱাৰ্ণাৰ,স্মিথৰ বেটত ৰান : সন্তোষজনক স্ক'ৰৰ দিশে কেংগাৰু বাহিনী

ডিজিটেল ডেস্ক : ছন্দত আছে ডেভিদ ৱাৰ্ণাৰ। হেৰুওৱা ছন্দ ঘুৰাই পাইছে ষ্টিভ স্মিথে। বেটত ৰান পাইছে দুয়োগৰাকী অভিজ্ঞ বেটছমেনে। বিশ্বকাপ ২৩ত বুধবাৰে নেডাৰলেণ্ডৰে অনুষ্ঠিত হোৱা মেচখনত ডেভিদ ৱাৰ্ণাৰে দৰ্শনীয় শতক অৰ্জন কৰে। অৱশ্যে তেওঁ বিগত মেচতো দৰ্শনীয় শতক অৰ্জন কৰিছিল।

তেওঁ ৯৩ বলত ১০৪ ৰান সংগ্ৰহ কৰে। ৩টা অ'ভাৰ বাউণ্ডেৰী আৰু ১১ টা বাউণ্ডেৰীৰে তেওঁ শতকীয় ইনিংছটো সজায়। আনহাতে ষ্টিভ স্মিথেও ৬৮টা বলত ৭১ ৰান সংগ্ৰহ কৰে।

ষ্টিভ স্মিথৰ উপৰি লাবুচাংগেও দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰি দলক সন্তোষজনক স্ক'ৰৰ দিশে অগ্ৰসৰ কৰোৱাই। বাতৰি লিখা পৰলৈকে অষ্ট্ৰেলিয়াই ৪৩ অ'ভাৰত ৬টা উইকেট হেৰুৱাই ২৯৭ ৰানত বেটিং কৰি আছে।

অপ্ৰতিৰোধ্য ৱাৰ্ণাৰ,স্মিথৰ বেটত ৰান : সন্তোষজনক স্ক'ৰৰ দিশে কেংগাৰু বাহিনী
বিভিন্ন কাৰ্য্যসূচীৰে মহাৰাষ্ট্ৰ-গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in