বিভিন্ন কাৰ্য্যসূচীৰে মহাৰাষ্ট্ৰ-গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

গোৱা ভ্ৰমণ কালত নৰেন্দ্ৰ মোডীয়ে ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভ কৰিব।

author-image
Asomiya Pratidin
New Update
ৰাইজৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ আহ্বান...

ডিজিটেল ডেস্ক : একাধিক চৰকাৰী কাৰ্য্যসূচী হাতত লৈ মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনোৱামতে অহা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে উক্ত ৰাজ্য দুখন ভ্ৰমণ কৰিব।

Advertisment

তেওঁৰ এই ভ্ৰমণ কালত শ্ৰীসাই বাবা মন্দিৰত নিৰ্মীয়মাণ এটি প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। ইয়াৰোপৰি তেওঁ মহাৰাষ্ট্ৰত ৭,৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগা কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিব।

ইফালে গোৱা ভ্ৰমণ কালত নৰেন্দ্ৰ মোডীয়ে ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভ কৰিব। এই সময়ছোৱাতে খেলত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে তেওঁ চিনাকি পৰ্বত মিলিত হ'ব বুলি জানিবলৈ দিয়ে।

Also Read: ইংলেণ্ডৰ বিৰুদ্ধে বাদ পৰিব নেকি ছামী ! পাণ্ডিয়াক লৈ BCCI ৰ কৌশলী স্থিতি...

maharashtra narendra modi goa