কোন হ'ব বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া নে দক্ষিণ আফ্ৰিকা !

টছত জয়ী হৈছে অষ্ট্ৰেলিয়া। প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াই

author-image
Asomiya Pratidin
New Update
কোন হ'ব বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া নে দক্ষিণ আফ্ৰিকা !

ডিজিটেল ডেস্কঃ ক্ৰিকেটক ভাৰতত পূজা কৰা হয়। ভাৰতৰ প্ৰায় সকলো বয়সৰ ব্যক্তিয়েই টি ভিৰ সন্মুখত বহি দিনটো পাৰ কৰি দিব পাৰে এখন ক্ৰিকেট মেচ উপভোগ কৰি। এই মূলুকতে হয় আই পি এলৰ দৰে মেগা প্ৰতিযোগিতা।

Advertisment

কিছুদিনৰ পূৰ্বে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছে মহিলা ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা। বিশ্বৰ আন আন দলসমূহৰ দৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ভাৰতীয় ক্ৰিকেট দলেও। অৱশ্যে ছেমি ফাইনলতে বিশ্ব জয়ৰ স্বপ্ন ভংগ হয় ভাৰতৰ।

ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে ৫ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়া জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। আনহাতে ইংলেণ্ডক পৰাস্ত কৰি আয়োজক দেশ দক্ষিণ আফ্ৰিকাই ফাইনেলত প্ৰৱেশ কৰে।

আজি দুয়ো দলৰ ভাগ্য পৰীক্ষাৰ মেচ। কোন হ'ব বিশ্ব চেম্পিয়ন । অষ্ট্ৰেলিয়া নে দক্ষিণ আফ্ৰিকা ! অপেক্ষা সময়লৈ। বিশ্বকাপৰ পৰা ভাৰতে বিদায় মাগিলেও ভাৰতীয় দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে আজিৰ এই শ্বাসৰুদ্ধকৰ মেচখনলৈ। ইতিমধ্যে দুয়ো দেশৰ মাজত টছ হৈছে। টছত জয়ী হৈছে অষ্ট্ৰেলিয়া। প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াই।

Also Read: বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সাহিত্য সভাৰ তৃতীয় পূৰ্ণাঙ্গ দ্বি‌ বাৰ্ষিক অধিবেশন

cricket world cup