
ডিজিটেল ডেস্ক : "বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সাহিত্য সভা" ৰ তৃতীয় পূৰ্ণাঙ্গ দ্বি বাৰ্ষিক অধিবেশন। দেওবাৰে জালুকবাৰীস্থিত সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত "বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সাহিত্য সভা" ৰ তৃতীয় পূৰ্ণাঙ্গ দ্বি বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হয় ।
পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি হাচমত আলীয়ে । ইয়াৰ পিছতে ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই শাখা সভাৰ সম্পাদক হৃষিকেশ দাসে ।
ইয়াৰ পিছতে হাচমত আলীৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্যে ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে সম্পাদক হৃষিকেশ দাসে। সভাতেই "জালুকবাৰীৰ ঐতিহ্য" শীৰ্ষক গৱেষণা গ্ৰন্থ এখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ" কমল কলিতাই।
উন্মোচনী ভাষণত কলিতাই কয় "আজিৰ এই সময়ত গ্ৰন্থ প্ৰকাশৰ ধুম বাঢ়িছে । ই শুভ লক্ষণ । সাহিত্য সভাই নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিব লাগিব। বিদ্যাৰ্থীসকলক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহান্বিত কৰি তুলিব লাগিব। সাহিত্য সভাই ন-লেখক সৃষ্টি কৰিব পাৰিব লাগিব।"
জ্যোৎস্না কলিতা সম্পাদিত সভাৰ মুখপত্ৰ "যাযাবৰ" বিশিষ্ট সাহিত্যিক প্ৰমোদ চন্দ্ৰ দাসে উন্মোচন কৰি কয় "আমি সৃষ্টিশীল মনৰ অধিকাৰি হ'ব লাগে । জ্ঞান অন্বেষণ কৰিব লাগে ।" সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট সাহিত্যিক শচীন দাস, বিশিষ্ট সাহিত্যিক- শিক্ষাবিদ লীলাধৰ হাজৰিকা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী, উপ-সভাপতি হৰেশ্বৰ ডেকা, বহুভাষিক সাহিত্য মঞ্চ,অসমৰ প্ৰধান সম্পাদক তথা কবি-সাহিত্যিক দীপক শৰ্মা, লেখিকা বিভাৰাণী দাস, ৰুমা ভট্টই ক্ৰমে মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে অংশ লয়।
ইয়াৰ পিচতে অনুষ্ঠিত কবি সন্মিলনত ভালেমান কবিয়ে কবিতা পাঠ কৰে । সভাতে আগন্তুক কাৰ্যকালৰ বাবে হৃষিকেশ দাসক সভাপতি আৰু মনোজ কুমাৰ দাসক সম্পাদক হিচাপে লৈ শাখা সভাৰ ন- কাৰ্যনিৰ্বাহ সমিতিক দায়িত্ব অৰ্পণ কৰা হয় ।