
ডিজিটেল ডেস্ক : বিগত কিছুদিনৰ পৰা আফগানিস্তান ক্ৰিকেট দলটোৰ উত্থান ঘটিছে। তাৰেই সুবাদত বিশ্ব ক্ৰিকেটৰ আগশাৰীৰ দলবোৰৰ সতে তালত তাল মিলাবলৈ সক্ষম হৈছে ক্ৰিকেটৰ শিশু আফগানিস্তান।
দেওবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপৰ মেচখনত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি আত্মবিশ্বাসী আফগানিস্তান। আজি আন এক শক্তিধৰ দেশ নিউজিলেণ্ডৰ মুখামুখি হ'ব দলটো।
ইতিমধ্যে পৰাক্ৰমী নিউজিলেণ্ডৰ বিৰুদ্ধে ৰচিছে বিশেষ ৰণনীতি। স্পীন আক্ৰমণেই হ'ব মূল অস্ত্ৰ। অভিজ্ঞ স্পীনাৰ ৰছিদ খানে ল'ব স্পীন আক্ৰমণৰ গুৰু দায়িত্ব। ইফালে নিউজিলেণ্ডে সহজভাৱে নলয় আফগানিস্তানক।
কিয়নো ইংলেণ্ডৰে হোৱা শেহতীয়া মেচত দলটোৰ শক্তিৰ উমান নিউজিলেণ্ডে পাইছে। বৰ্তমানলৈকে নিউজিলেণ্ড আৰু আফগানিস্তানে দুখনকৈ মেচত মুখামুখি হৈছে।
অৱশ্যে পৰিসংখ্যাৰ দিশৰ পৰা নিউজিলেণ্ডেই ফেভাৰিট। কিয়নো দুয়োখন মেচতে কিবি বাহিনীয়ে বিজয় সাব্যস্ত কৰিছে। কিন্তু এই ধাৰা এইবাৰ ভংগ কৰাৰ বাবে উঠি পৰি লাগিছে আফগানিস্তান শিবিৰ। নিশ্চিত বিজয়ৰ লক্ষ্যৰে নামিব দলটো।